পেৰিছ অলিম্পিকৰ গেম ভিলেজত ভাৰতীয় খেলুৱৈৰ বাবে নাই পৰ্যাপ্ত খাদ্য... 
ক্রীড়া-জগত

পেৰিছ অলিম্পিকৰ গেম ভিলেজত ভাৰতীয় খেলুৱৈৰ বাবে নাই পৰ্যাপ্ত খাদ্য...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি সন্ধিয়া ভাৰতীয় সময় অনুসৰি ৭-৩০ বজাৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব পেৰিছ অলিম্পিক। অলিম্পিকৰ আৰম্ভণিতেই এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হৈছে ভাৰতীয় খেলুৱৈসকল।

গেম ভিলেজত ভাৰতীয় খেলুৱৈসকলে সন্মুখীন হোৱা এই সমস্যা অতি গুৰুতৰ। জানিব পৰা মতে গেম ভিলেজত ভাৰতীয় খেলুৱৈসকলৰ বাবে পৰ্যাপ্ত খাদ্য নাই। খেলুৱৈসকলৰ বাবে নিৰ্ধাৰিত তালিকা অনুসৰি খাদ্য নাপালে তেওঁলোকৰ প্ৰদৰ্শনতো ইয়াৰ প্ৰভাৱ পৰিব।

পেৰিছলৈ যোৱাৰ পিছৰে পৰা আনকি গেম ভিলেজতো ভাৰতীয় বক্সাৰ অমিত পাঙ্ঘালে কেৱল ডাইল আৰু ৰুটি খায়েই প্ৰস্তুতি চলাইছে। অথচ তেওঁক প্ৰয়োজন পুষ্টিকৰ আৰু বহু কিবাকিবি খাদ্যৰ।

গেম ভিলেজত মুঠ ৩০ টা এপাৰ্টমেণ্টত আছে ভাৰতীয় খেলুৱৈসকল। ইয়াত তেওঁলোকে খাদ্যক লৈ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। গেম ভিলেজত মুঠ ৫ টা স্থানত পাঁচ ধৰণৰ খাদ্যৰ যোগাৰ কৰা হৈছে। তাৰে এটা স্থানত আছে এছিয়াৰ খাদ্য।

কিন্তু এয়াও পৰ্যান্ত নহয়। খেলুৱৈৰ সংখ্যা অনুসৰি ইয়াত থকা খাদ্যৰ পৰিমাণ যথেষ্ট কম। বেডমিণ্টন খেলুৱৈ তানিছা ক্ৰেষ্টোৱে এই সন্দৰ্ভত কয়, নিশা খাদ্যৰ তালিকাত ৰাজমাহ আছিল বুলি শুনিবলৈ পাইছিলো। কিন্তু আমি যোৱাৰ পূৰ্বেই সেয়া শেষ হয়।

বক্সাৰ অমিত পঙ্ঘালে তেওঁৰ ছাপ'ৰ্টিং ষ্টাফক ভাৰতীয় খাদ্য যোগান ধৰিবলৈ কৈছে। পেৰিছ যোৱাৰ পাছৰে পৰা তেওঁ কেৱল ডাইল আৰু ৰুটিৰেই পেট ভৰাইছে। ভাৰতীয় খেলুৱৈসকলে এই সমস্যাৰ সন্মুখীন হোৱাৰ মূলতে হৈছে তেওঁলোকৰ আৱাসস্থলীৰ পৰা ডাইনিং হলৰ মাজৰ দূৰত্ব যথেষ্ট বেছি। সেয়ে এই সমস্যা যথেষ্ট বৃদ্ধি পাইছে।

গেম ভিলেজত আমেৰিকাৰ খেলুৱৈসকলে খাদ্যৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া হোৱা নাই। তেওঁলোকে যি স্থানত আছে তাৰ কাষতে আছে ডাইনিং হল। একেদৰে চীন, ব্ৰিটেইন, ফ্ৰান্স আদিৰ খেলুৱৈ আৱাসস্থলীৰ লগতেই আছে ডাইনিং হল। কেৱল ভাৰতৰ খেলুৱৈসকলৰ ক্ষেত্ৰত হে এই সমস্যাৰ সৃষ্টি হৈছে।

ভাৰতীয় দলটোৰ ঠিক বিপৰীত দিশে আছে স্পেইনৰ খেলুৱৈ। আনহাতে ইটালী আৰু ছাৰ্বিয়াও ভাৰতৰ কাষতেই আছে। কিন্তু এইসমূহ দেশৰ খৈলুৱৈৰ খাদ্যৰ লগত ভাৰতীয় খেলুৱৈৰ খাদ্য নিমিলে। সেয়ে এইসমূহ দেশৰ বাবে থকা ডাইনিং হলত গৈয়ো ভাৰতীয় খেলুৱৈয়ে খাদ্য গ্ৰহণ কৰিব নোৱাৰে।

অৱশ্যে ভাৰতীয় খেলুৱৈসকলে আশা কৰিছে শীঘ্ৰেই এই সমস্যাৰ অন্ত পৰিব। যিহেতু প্ৰতিযোগিতাখন আৰম্ভ হৈছেহে সেয়ে খাদ্যৰ এনে জটিলতা সৃষ্টি হৈছে। লাহে লাহে এই সমস্যাৰ অন্ত পৰিব। তেওঁলোকে এতিয়ালৈকে এই সমস্যাৰ বিষয়ে লিখিতভাৱে কোনো অভিযোগ কৰা নাই। যদিহে এই সমস্যাৰ আশা কৰা ধৰণে সমাধান নহয় তেন্তে পৰৱৰ্তী সময়ত ভাৰতে লিখিত অভিযোগ দাখিল কৰাৰ সম্ভাৱনা আছে।