Indian Hockey Team: চীনক পৰাস্ত কৰি পুনৰ এবাৰ এছিয়ান চেম্পিয়ন ভাৰত... 
ক্রীড়া-জগত

Indian Hockey Team: চীনক পৰাস্ত কৰি পুনৰ এবাৰ এছিয়ান চেম্পিয়ন ভাৰত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ এবাৰ ভাৰতৰ শিৰত এছিয়ান চেম্পিয়নশ্বিপৰ খিতাপ।এছিয়ান হকীত ভাৰতৰ ৰাজত্বৰ পুনৰ এবাৰ প্ৰমাণ দিলে ভাৰতীয় হকী দলে।

বিগত বৰ্ষৰ দৰেই এইবাৰো ভাৰতীয় হকী দলটোৱে এছিয়ান চেম্পিয়নশ্বিপ দখল কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাখনত ভাৰতে আটাইকেইখন মেচতেই বিজয় সাব্যস্ত কৰি এই খিতাপৰ পুনৰ এবাৰ অধিকাৰী হৈছে।

প্ৰতিযোগিতাৰ চূড়ান্ত মেচখনত ভাৰতীয় দলে চীনক ১-০ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ একমাত্ৰ তথা বিজয়সূচক গ'লটো কৰে যুগৰাজে।

পেৰিছ অলিম্পিকত ব্ৰঞ্জ জয়ী ভাৰতীয় হকী দলটোৱে এইবাৰ এছিয়ান চেম্পিয়নশ্বিপত আৰম্ভণিৰ পৰাই ফেভাৰিট আছিল। প্ৰতিযোগিতাখনৰ গ্ৰুপ পৰ্যায়ত ভাৰতৰ হাতত চীন, মালয়ছিয়া, কোৰিয়া, পাকিস্তান, জাপান সকলো ভাৰতৰ হাতত পৰাস্ত হৈছে।

অৱশ্যে চূড়ান্ত মেচখনত বিজয় ভাৰতৰ বাবে ইমান সহজ নাছিল। চীনৰ সৈতে হয় তীব্ৰ প্ৰতিদ্বন্দিতা। চীনৰ ৰক্ষণ বিভাগ ভেদি ভাৰতীয় দলটোৱে বাৰে বাৰে আক্ৰমণ কৰিছিল যদিও সহজে গ'ল কৰিব পৰা নাছিল।

গোটেই প্ৰতিযোগিতাত ভাৰতৰ হৈ সৰ্বাধিক গ'ল কৰা হৰমনপ্ৰীতে এটা পেনাল্টি কাৰ্যকৰী কৰাতো ব্যৰ্থ হয়। প্ৰথম অৰ্ধত চীনেও ভাৰতৰ ৰক্ষণ বিভাগ ভেদি বহু কেইটা আক্ৰমণ কৰিছিল যদিও গ'ল কীপাৰ কৃষাণ পাঠকে অতি দক্ষতাৰে সেই আটাইকেইটা আক্ৰমণ ৰক্ষা কৰে।

প্ৰথমাৰ্ধ গ'ল শূন্যভাৱে অন্ত পৰাৰ পাছত দ্বিতীয়াৰ্ধতো চীনে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছিল। অধিক সময় চীনৰ দখলতেই আছিল বল। তৃতীয় কোৱাৰ্টাৰতো কোনো এটা দলেই গ'ল কৰিব নোৱাৰিলে।

শেষত ভাৰতৰ হৈ বিজয়সূচক একমাত্ৰ গ'লটো কৰে যুগৰাজ সিঙে। ইয়াৰ লগে লগে পুনৰ এবাৰ ভাৰতীয় দলটোৱে এছিয়ান চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰে। ইয়াৰ লগে লগে মুঠ ৫ বাৰকৈ এই খিতাপ দখল কৰি ভাৰতে এক অভিলেখ সৃষ্টি কৰিলে।