ক্রীড়া-জগত

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় দল ঘোষণা : আঘাতৰ বাবে বাদ পৰিল ৰিয়ান পৰাগ

Asomiya Pratidin

ডিজিটেল ডেস্ক : জাতীয় নিৰ্বাচক মণ্ডলীয়ে আগন্তুক ভাৰত- দক্ষিণ আফ্ৰিকা টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰিছে। শুকুৰবাৰে নিশা বি চি চি আইৰ বিভাগীয় কৰ্তৃপক্ষই সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত দলটো ঘোষণা কৰে।

অহা ৮ নৱেম্বৰৰ পৰা হ'ব লগা শৃংখলাটোৰ পৰা বাদ পৰিছে অসম সন্তান ৰিয়ান পৰাগ। ইয়াৰোপৰি দলৰ পৰা বাদ পৰিছে অলৰাউণ্ডাৰ শিৱম ডুবে আৰু মায়ংক যাৱদৰ দৰে উদীয়মাণ ক্ৰিকেটাৰ।

সোঁ কান্ধৰ আঘাতৰ বাবে ৰিয়ান পৰাগ বাদ পৰা বুলি সদৰী কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড কৰ্তৃপক্ষই। লগতে উল্লেখ কৰে যে ৰিয়ান পৰাগক বি চি চিআইৰ চেণ্টাৰ অফ এক্সেলেন্সত ৰখা হৈছে। তাতেই তেঁওৰ সোঁ কান্ধৰ আঘাতৰ চিকিৎসা কৰি থকা হৈছে। আনহাতে শিৱম ডুবে আৰু মায়ংক যাদৱো আঘাতৰ বাবে বাদ পৰা বুলি সদৰী কৰিছে।

ঘোষিত দলটো : সূৰ্যকুমাৰ যাদৱ ( অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু ছেমছন (উকেইট ৰক্ষক), ৰিংকু সিং, তিলক বাৰ্মা, জীতেশ শৰ্মা, হাৰ্ডিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰমণদীপ সিং,বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণই, অৰ্শদীপ সিং, বিজয় কুমাৰ বাস্যক, আবেশ খান আৰু যশ দয়াল।

লগতে চাওক ব'ৰ্ডাৰ- গাভাস্কাৰ ট্ৰফীৰ বাবে ঘোষিত দলটো-