ক্রীড়া-জগত

ভাৰতীয় দলৰ বেটিং বিপৰ্যয় : আলহী দল নিউজিলেণ্ডৰ বিৰুদ্ধে ১৫৬তে স্তব্ধ ৰোহিত বাহিনী

ভুলৰ পৰা শিক্ষা নল’লে বিপদ অৱশ্যাম্ভী ! প্ৰথমখন মেচৰ প্ৰথম ইনিংছতে ভুল কৰিছিল টীম ইণ্ডিয়াই। আৰু আজি একেই ভুলৰ পুনৰাবৃত্তি কৰিলে ৰোহিত বাহিনীয়ে।

Asomiya Pratidin

ডিজিটেল ডেস্ক : ভুলৰ পৰা শিক্ষা নল’লে বিপদ অৱশ্যাম্ভী ! প্ৰথমখন মেচৰ প্ৰথম ইনিংছতে ভুল কৰিছিল টীম ইণ্ডিয়াই। আৰু আজি একেই ভুলৰ পুনৰাবৃত্তি কৰিলে ৰোহিত বাহিনীয়ে।

পাৰ্থক্য মাথো ১১৪ ৰানৰ। আলহী দল নিউজিলেণ্ডৰ বিপক্ষে শৃংখলাৰ প্ৰথমখন মেচৰ প্ৰথম ইনিংছত ভাৰতে কৰিছিল মাত্ৰ ৪২ ৰান। আনহাতে দ্বিতীয়খন মেচৰ প্ৰথম ইনিংছত ভাৰতে আত্মসমৰ্পণ কৰিলে ১৫৬ ৰানত।

২০০ৰ ঘৰো স্পৰ্শ কৰিব নোৱাৰিলে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটিং লাইন আপেৰে গঠিত দলটোৱে। আলহী দলৰ আগ্ৰাহী বলিং আক্ৰমণত ভাৰতীয় বেটাৰৰ প্ৰতিযোগিতা চলিল পেভিলিয়নমুখী হোৱাৰ। কাৰ্যতঃ কিৱি বাহিনীৰ বলাৰৰ আগত ৰোহিত, বিৰাট, ঋষভ আদিৰ দৰে তাৰকা বেটাৰ হৈ পৰিল কাগজৰ বাঘসদৃশ।

শৃংখলাৰ দ্বিতীয়খন টেষ্টত ঘৰুৱা দলটোৰ কোনো এগৰাকী বেটাৰৰ মনত দেখা পোৱা নগ’ল যুঁজ দিয়াৰ মানসিকতা। স্পীনাৰ ৰবীন্দ্ৰ জাডেজাৰ (৩৮)য়েই দলৰ বাবে সৰ্বাধিক ৰান।

উল্লেখ্য যে দ্বিতীয় টেষ্টৰ, দ্বিতীয় দিনা ইনিংছ আৰম্ভ কৰিছিল ঘৰুৱা দলটোৱে। কিন্তু আজিৰ দিনটোত প্ৰতিপক্ষৰ বলাৰ মিছেল ছাণ্টনাৰে ভাৰতীয় বেটাৰক এসেকা দিম বুলিয়েই নামিছিল খেলপথাৰত।

ছাণ্টনাৰৰ বিধ্বংসী বলিং আক্ৰমণত দিশহাৰা হৈ বেটিং বিপৰ্যয়ত পৰে ঘৰুৱা দলটোৰ বেটাৰসকল। দলৰ ১ ৰানতে অধিনায়ক ৰোহিত শৰ্মা (০)ৰ উইকেটৰ পতন ঘটে। ইয়াৰ পাছৰে পৰাই ভাৰতৰ খহনীয়া আৰম্ভ হয়।

অৱশ্যে জয়ছোৱাল আৰু শুভমন গীলে কিছু আশা দেখুৱাইছিল যদিও পাছত সেই আশাত চেঁচা পানী ঢালে গ্লেন ফিলিপছ আৰু ছাণ্টনাৰে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে নিউজিলেণ্ডে প্ৰথম ইনিংছত ২৫৯ ৰান সংগ্ৰহ কৰিছিল।

একেদৰে দ্বিতীয় ইনিংছত দলটোৱে কৰিছিল ৫টা উইকেটৰ বিনিময়ত ১৯৮ ৰান। সম্প্ৰতি আলহী দলটোৱে ৩০১ ৰানৰ অগ্ৰগতি লাভ কৰিছে।