দুগুণে চৰিছে আনন্দঃ বিশ্বকাপৰ পাছতে ৰেকৰ্ডৰ বৰষুণেৰে আন এক বিজয়... 
ক্রীড়া-জগত

দুগুণে চৰিছে আনন্দঃ বিশ্বকাপৰ পাছতে ৰেকৰ্ডৰ বৰষুণেৰে আন এক বিজয়...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২৯ জুন, ২০২৩ ত বাৰ্বাডোজৰ মাটিত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতীয় ক্ৰিকেট দলটোৱে টি-২০ বিশ্বকাপ জয় কৰাৰ আনন্দত ভাৰতীয় ক্ৰিকেট অনুৰাগীসকল মতলীয়া হৈ থকাৰ সময়তে ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱেও কেইবাটাও ৰেকৰ্ড স্থাপনেৰে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিবলৈ সক্ষম হৈছে।

ভাৰত ভ্ৰমণৰত দক্ষিণ আফ্ৰিকা দলটোক চেন্নাইত খেলা একমাত্ৰ টেষ্টখনত ভাৰতীয় দলটোৱে ১০ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হৈছে। এই একমাত্ৰ টেষ্টখনত যিদৰে ভাৰতীয় দলটোৱে ৰাণৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছিল ঠিক সেইদৰেই ৰেকৰ্ডৰ বৰষুণো আনিবলৈ সক্ষম হয়।

মেচখনত ভাৰতীয় কিংবদন্তি বেগী বলাৰ ঝুলন গোস্বামীৰ ৰেকৰ্ড স্পৰ্শ কৰিলে স্নেহ ৰাণাই।  প্ৰথম ইনিংছত ভাৰতে ৰেকৰ্ড গঢ়ি ৬ উইকেটত ৬০৩ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে দক্ষিণ আফ্ৰিকাক। এই লক্ষ্য আগত লৈ প্ৰথম ইনিংছত আলহী দলটোৱে মাত্ৰ ২৬৬ ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই।

এই প্ৰথম ইনিংছত স্নেহ ৰাণাই লাভ কৰে ৮ টা উইকেট। দ্বিতীয় ইনিংছতো ৰাণাই আন ২ টা উইকেট দখল কৰি এখন টেষ্টত মুঠ ১০ টা উইকেট দখল কৰি ঝুলন গোস্বামীৰ ৰেকৰ্ড স্পৰ্শ কৰিলে।

ফল’ অনৰ সন্মুখীন হোৱা দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছত ৩৭৩ ৰাণ কৰে। ভাৰতক বিজয়ৰ বাবে প্ৰয়োজন হয় মাত্ৰ ৩৭ ৰাণ। ভাৰতীয় অপেনাৰ শ্বেফালি বাৰ্মা আৰু শুভা সতীশে সেই ৰাণ সংগ্ৰহ কৰি ভাৰতক বিজয়ৰ সুৱাদ দিয়ে। ফলত ভাৰতীয় দলটোৱে ১০ উইকেটত টেষ্টখন জয় কৰে।

এনে পৰিস্থিতিত এতিয়া দেশৰ ক্ৰিকেট অনুৰাগীৰ মাজত উৎসাহ দুগুণ বৃদ্ধি পাইছে। এফালে টি-২০ বিশ্বকাপত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰত চেম্পিয়ন আনফালে দেশৰ মাটিত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতীয় মহিলা দলটোৰ ৰেকৰ্ডৰ বৰষুণ।

এই টেষ্টখনৰ প্ৰথম ইনিংছতে শ্বেফালি বাৰ্মাই ২০৫ ৰাণৰ দ্ৰুততম দ্বিশতকীয় ইনিংছ খেলিবলৈ সক্ষম হ'ল। স্মৃতি মান্ধনাই কৰে ১৪৯ ৰাণ। প্ৰথম উইকেটত সৰ্বাধিক পাৰ্টনাৰ্শ্বিপৰো অধিকাৰী হ'ল শ্বেফালি আৰু স্মৃতি।