আনুষ্ঠানিকভাৱে উন্মোচনৰ পূৰ্বে বজাৰলৈ আহিল টীম ইণ্ডিয়াৰ টি-২০ বিশ্বকাপৰ জাৰ্ছি 
ক্রীড়া-জগত

আনুষ্ঠানিকভাৱে উন্মোচনৰ পূৰ্বে বজাৰলৈ আহিল টীম ইণ্ডিয়াৰ টি-২০ বিশ্বকাপৰ জাৰ্ছি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰাৰ পাছত আজি ভাৰতীয় দলৰ জাৰ্ছিও উন্মোচন কৰা হৈছে। ভাৰতীয় দলটোৰ জাৰ্ছিৰ স্প'নছৰ এডিডাছে ইনষ্টাগ্ৰামৰ জৰিয়তে এক ভিডিঅ’ আপলোড কৰি ভাৰতৰ জাৰ্ছি উন্মোচনৰ দৃশ্য প্ৰকাশ কৰিছে। ইয়াৰ পিছতে এতিয়া আৰম্ভ হৈছে বিতৰ্ক।

কিয়নো সামাজিক মাধ্যমত দেওবাৰৰ পৰাই অৰ্থাৎ জাৰ্ছি আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ পূৰ্বেই একাধিক বিপণীত ভাৰতীয় দলটোৰ টি-২০ বিশ্বকাপৰ জাৰ্ছিৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। বহুতেই সেই জাৰ্ছিক বিশ্বকাপৰ বাবে তৈয়াৰ কৰা প্ৰকৃত জাৰ্ছি নহয় বুলি কৈছিল যদিও বহুতেই আকৌ এই জাৰ্ছিকেই প্ৰকৃত জাৰ্ছি বুলিও দাবী কৰিছিল।

এইধৰণৰ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ মাজতে সোমবাৰে আনুষ্ঠানিকভাৱে জাৰ্ছি মুকলি হোৱাত এতিয়া দেওবাৰে একাধিক বিপণীত দেখা সেই জাৰ্ছিৰ সৈতে কোনো প্ৰাৰ্থক্য পৰিলক্ষিত নহ’ল। অৰ্থাৎ আনুষ্ঠানিকভাৱে জাৰ্ছি মুকলি হোৱাৰ পূৰ্বেই বজাৰত উপলব্ধ হ'ল ভাৰতীয় দলটোৰ জাৰ্ছি।  

এইবাৰ ভাৰতীয় দলটোৰ বাবে প্ৰস্তুত কৰা জাৰ্ছিত গেৰুৱা ৰঙৰ আধিপত্য দেখিবলৈ পোৱা গৈছে। জাৰ্ছিৰ দুয়োহাটে আছে গেৰুৱা ৰং। জাৰ্ছিৰ পিছফালেও আছে গেৰুৱা ৰঙৰ 'বৰ্ডাৰ'।

বাহুত আছে বগা ৰঙৰ তিনিডাল ফিটা। টি-ছাৰ্টৰ কলাৰটো ইংৰাজীৰ ভি আকৃতিৰ। বুকুৰ পৰা পেটৰ নিলা অংশত বগা ৰঙেৰে স্প'নছৰ কৰা প্ৰতিষ্ঠানৰ নাম লিখা হৈছে আৰু 'ইণ্ডিয়া' শব্দটো গেৰুৱা ৰঙৰে লিখা হৈছে।

ইফালে বহুলোকে ২০১৯ ৰ বিশ্বকাপৰ জাৰ্ছিৰ সৈতে এইবাৰৰ জাৰ্ছিত সাদৃশ্য বিচাৰি পাইছে। কিন্তু পূৰ্বতকৈ এইবাৰৰ জাৰ্ছিৰ ডিজাইন পৃথক। ২০১৯ত জাৰ্ছিৰ পিছফালে গেৰুৱা ৰং আছিল। কিন্তু এইবাৰ পিঠিৰ ফালে গেৰুৱাৰ পৰিৱৰ্তে আছে নীলা ৰং।

এডিডাছে প্ৰচাৰ কৰা এই ভিডিঅ’ অধিনায়ক ৰোহিত শৰ্মা, স্পীনাৰ কুলদ্বীপ যাদৱ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাক এই নতুন জাৰ্ছিৰ সৈতে দেখা গৈছে। অনুমান কৰা হৈছে এই ভিডিঅ'ৰ দৃশ্যায়ন হিমাচলত কৰা হৈছে।