ক্রীড়া-জগত

আজি আয়াৰলেণ্ডৰে আৰম্ভ হ'ব ভাৰতৰ বিশ্বজয়ৰ অভিযান

Asomiya Pratidin

ডিজিটেল ডেস্ক : আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে যুটীয়াকৈ আয়োজন কৰা টি-২০ বিশ্বকাপ-২৪ৰ অভিযান আজি আৰম্ভ কৰিব ভাৰতীয় ক্ৰিকেট দলে। বুধবাৰে ভাৰতে নিউয়ৰ্কৰ নাছাই কাউণ্টি ষ্টেডিয়ামত আয়াৰলেণ্ডৰ বিপক্ষে অৱতীৰ্ণ হ'ব।

আই পি এল সামৰি আমেৰিকা অভিমুখে উৰা মাৰা ভাৰতীয় দলটোৱে বিশ্বকাপ বুলি মাত্ৰ এখনহে প্ৰস্তুতি মেচ খেলিছে। বাংলাদেশৰে খেলা মেচখনত ভাৰতে জয়লাভ কৰিছিল যদিও ছঞ্জু ছেমচন আৰু শিৱম ডুবেৰ প্ৰদৰ্শন সন্তোষজনক নাছিল।

প্ৰস্তুতি মেচখনত ছেমছনে মাত্ৰ ১ ৰান আৰু ডুবে ১৪ৰান কৰি পেভিলিয়নমুখী হ'ব লগা হৈছিল। অৱশ্যে ছেমছনে সদ্য সমাপ্ত আই পি এলত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছিল।

বিদেশৰ মাটিত অনুষ্ঠিতব্য আজিৰ এই মেচখনক লৈ বিশেষ ৰণনীতি তৈয়াৰ কৰিছে ভাৰতীয় দলে। প্ৰতিপক্ষ আয়াৰলেণ্ড যদিও ক্ৰিকেটৰ শিশু তথাপি সহজভাৱে লোৱা নাই ভাৰতে।

অৱশ্যে ভাৰতৰ বেটিং লাইন-আপক লৈ কিছু সমস্যাৰ কথা জানিব পৰা গৈছে। অপেনিংত ৰোহিত শৰ্মাৰ সংগী কোন হ'ব তাকলৈও কিছু চিন্তিত দলীয় মেনেজমেন্ট। কিয়নো টি-২০ত বিৰাট কোহিলেও কৰে অপেনিং। আনহাতে জয়ছোৱালো আছে সুন্দৰ ফৰ্মত। এনেক্ষেত্ৰত এতিয়া অপেক্ষা মাথো সময়লৈহে।