ক্রীড়া-জগত

পুনৰ পৰাস্ত ৰাজস্থান ৰয়েলছ : নিম্ন স্ক'ৰীয় মেচত চেন্নাইৰ জয়লাভ

Asomiya Pratidin

ডিজিটেল ডেস্ক : জয়ৰ ধৰাবাহিকতাৰ যতি পৰিছে শক্তিশালী ৰাজস্থান ৰয়লেছৰ। পুনৰ আন এক পৰাজয়ৰ সন্মুখীন হৈছে সঞ্জু ছেমছন নেত্বাধীন দলটো।

দেওবাৰে বিয়লি এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ৰাজস্থানক পৰাস্ত কৰি চেন্নাইয়ে জয়লাভ কৰে। নিম্নস্ক'ৰীয় মেচখনত চেন্নাইয়ে ৫উইকেটত জয়ী হয়।

পোনতে ৰাজস্থানে বেট ধৰি চেন্নাইৰ নিয়ন্ত্ৰিত বলিঙৰ আগত তিষ্ঠিব নোৱাৰি মাত্ৰ ১৪১ ৰান সংগ্ৰহ কৰে। অসম সন্তান ৰিয়ান পৰাগে দলটোৰ হৈ সৰ্বাধিক ৪৭(অপঃ) ৰান কৰে। তেঁও ৩টা ছিক্সাৰ আৰু এটা বাউণ্ডেৰীৰে ইনিংছটো সজায়।

ইফালে জয়ৰ লক্ষ্য আগত লৈ চেন্নাইয়ে ১০টা বল বাকী থকা অৱস্থাত ৫উইকেটৰ ব্যৱধানত জয়ী হয়। অধিনায়ক ঋতুৰাজ গাইকোড়াৰে ৪২ৰান বৰঙণি যোগায়।

আনহাতে দুখন মেচত একেৰাহে পৰাস্ত হৈ সম্প্ৰতি ১৬ পইণ্টৰে তালিকাত দ্বিতীয় স্থানলৈ অৱনমিত হৈছে শক্তিশালী ৰাজস্থন ৰয়েলছ। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ইয়াৰ পূৰ্বে দিল্লী কেপিটেলছৰ বিৰুদ্ধেও ৰাজস্থানে পৰাজয়বৰণ কৰিছিল।