ক্রীড়া-জগত

বুধবাৰে গুৱাহাটীৰ ৰাজপথত মানি চলিব লাগিব কেইবাটাও নিয়মঃ ৰাজস্থান-পঞ্জাৱৰ মেচৰ পূৰ্বে জাৰি নিৰ্দেশনা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বুধবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব লগা আই পি এলৰ মেচকলৈ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে বিশেষ পথ-নিৰ্দেশনা। ১৫মে'ৰ দিনা ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰে হ'ব লগা মেচখনৰ পূৰ্বে মঙলবাৰে যান-বাহন আৰক্ষী আৰু অসম ক্ৰিকেট সন্থাই যুটীয়াভাৱে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এক সংবাদ মেল সম্বোধন কৰি এই বিষয়ে অৱগত কৰে।

সেই অনুসৰি ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত বিয়লি ৩-০০ বজাৰ পৰা গধুৰ চাৰিচকীয়া বাহন আৰু মালবাহী বাহনসমূহৰ চলাচল সীমিত কৰা হ'ব। লগতে জিএছ ৰোড, বি কে কাকতি ৰোড, এ কে আজাদ ৰোড, এ কে দেৱ ৰোড, এফ এ ৰোড, ধোপোলিয়া ৰোড, বিষ্ণুপুৰ ৰোড, এম জি ৰোড, এ টি ৰোড, আৰ এম চি ৰোড, জি এন বি ৰোডত যান-বাহন চলাচলত এই সময়ছোৱাত বাধা আৰোপ কৰা হৈছে।

ইয়াৰোপৰি আৰ্য নগৰৰ পৰা লখৰা চাৰিআলিৰ পথছোৱা একক পথ হিচাপে ব্যৱহাৰ কৰিব লাগিব। লখৰা দিশৰ পৰা অহা বাহনসমূহ লালগণেশ তিনিআলিৰ পৰা কাহিলীপাৰাৰে গন্তব্যস্থানলৈ যাব পাৰিব।

ধীৰেণপাৰা তিনিআলিৰ পৰা বৰ্ষাপাৰা তিনিআলিলৈ বাহন চলাচলত বাধা আৰোপ কৰা হৈছে। অৱশ্যে 'কাৰ পাছ' থকা বাহনসমূহে এই পথৰে যোৱাত বাধা আৰোপ কৰা হোৱা নাই।

আনহাতে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন, এম্বুলেন্স, ঔষধ কঢ়িওৱা বাহন, অক্সিজেন কঢ়িওৱা বাহন, স্থানীয় লোক, স্কুল বাছকে ধৰি সকলো জৰুৰীকালীন সেৱাত নিয়োজিত বাহনসমূহক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছ। সংবাদ মেলত ডি চি পি জয়ন্ত সাৰথি বৰা, অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদীপ কোঁৱৰ আৰু পৰিক্ষীত দত্ত উপস্থিত থাকে।