জয় শ্বাহ হ'ব আই চি চিৰ পৰৱৰ্তী সভাপতি ! 
ক্রীড়া-জগত

জয় শ্বাহ হ'ব আই চি চিৰ পৰৱৰ্তী সভাপতি !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড চমুকৈ বি চি চি আইৰ সচিব পদ এৰিব গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে। টি-২০ বিশ্বকাপ বিজয়ৰে পৰা জয় শ্বাহ ভাৰতীয় দলটোৰ সমানেই চৰ্চাত আছে।

বিশেষকৈ এদিনীয়া বিশ্বকাপৰ ফাইনেলত ঘৰৰ মাটিতে অষ্ট্ৰেলিয়াৰ হাতত ভাৰতীয় দলটো পৰাস্ত হোৱাৰ পিছতো ৰোহিত শৰ্মাৰ ওপৰত জয় শ্বাহে দেখুওৱা বিশ্বাসে ক্ৰিকেট অনুৰাগীৰ মন জয় কৰিছিল। সেইদৰেই ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপ জয়ৰ পিছত জয় শ্বাহৰ উদ্যোগতে ভাৰতীয় ক্ৰিকেট দলটোক যিদৰে ৰাজকীয় সন্মান প্ৰদান কৰা হ’ল সেই দিশসমূহে জয় শ্বাহক চৰ্চাত ৰাখিছে।

সমান্তাৰালকৈ আগন্তক চেম্পিয়নছ ট্ৰফী আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত (যি যোগ্যতা অৰ্জন কৰে) ৰোহিত শৰ্মাই ভাৰতীয় দলক নেতৃত্ব দিব বুলি ঘোষণা কৰিলে জয় শ্বাহে। এনেবোৰ কাৰণতে এতিয়া জয় শ্বাহৰ নাম সকলোৰে মুখে মুখে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ সচিব হোৱাৰ উপৰিও এছিয়ান ক্ৰিকেট কাউন্সিলৰো সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছে জয় শ্বাহে। কিন্তু শেহতীয়াকৈ প্ৰকাশিত এক খবৰ অনুসৰি জয় শ্বাহে বি চি চি আইৰ সচিবৰ পদ ত্যাগ কৰিব।

অৱশ্যে এই ত্যাগৰ আঁৰত আছে তেওঁৰ আন এক ডাঙৰ লক্ষ্য। এইবাৰ আই চি চিৰ সভাপতি হোৱাৰ মন মেলিছে জয় শ্বাহে। সদ্য সমাপ্ত আই চি চি টি-২০ বিশ্বকাপ যিদৰে অনুষ্ঠিত কৰিলে তাক লৈ সুখী নহয় জয় শ্বাহ। সেয়ে জয় শ্বাহে এতিয়া আই চি চিৰ সভাপতি হৈ পৰৱৰ্তী মেগা টুৰ্ণামেণ্টসমূহ জাকত জিলিকাকৈ অনুষ্ঠিত কৰাৰ মন মেলিছে।

চলিত মাহৰ শেষৰ ফালে শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হ'ব আই চি চিৰ বাৰ্ষিক সাধাৰণ সভা। এই সভাত অৱশ্যে সভাপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কোনো কাৰ্যসূচী নাই। আই চি চিৰ সভাপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব চলিত বছৰৰ নৱেম্বৰ মাহত। কিন্তু তাৰ বাবে প্ৰস্তুতি কলম্বোৰ সভাৰ পৰাই আৰম্ভ হ'ব।

জানিব পৰা মতে জয় শ্বাহে আই চি চিৰ সভাপতি পদৰ নিৰ্বাচনত অৱতীৰ্ণ হ'লে তেওঁৱেই জয়ী হোৱাটো নিশ্চিত। তেওঁৰ বিৰুদ্ধে হয়তো আন কোনেও এই পদৰ বাবে নিৰ্বাচনত অবতীৰ্ণ নহ'বও পাৰে। কিন্তু ডাঙৰ প্ৰশ্ন হ'ল জয় শ্বাহে বি চি চি আইৰ সচিব পদ ত্যাগ কৰিবনে? এই প্ৰশ্নৰ উত্তৰ এতিয়া কাৰো হাতত নাই।

বৰ্তমান আই চি চিৰ সভাপতি হিচাপে দায়িত্বত আছে নিউজিলেণ্ডৰ গ্ৰেগ বাৰ্কলে। তিনি বছৰৰো অধিক সময় ধৰি তেওঁ এই পদবীত কাৰ্যনিৰ্বাহ কৰি আছে। আই চি চিৰ নতুন নিয়ম অনুসৰি এজন ব্যক্তি তিনি বছৰকৈ দুটা কাৰ্যকাল একেৰাহে সভাপতি পদত থাকিব পাৰে।

ইফালে আন এক খবৰ অনুসৰি আকৌ আই চি চিৰ মুখ্য কাৰ্যালয় ডুবাইৰ পৰা মুম্বাইলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছে। সেই অনুসৰিও জয় শ্বাহ যে পৰৱৰ্তী আই চি চিৰ সভাপতি হোৱাৰ মন মেলিছে তাৰ ইংগিত নথকা নহয়।

বিশ্ব ক্ৰিকেটত এতিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ আধিপত্য সৰ্বজনবিদিত। একপ্ৰকাৰে বিশ্ব ক্ৰিকেট নিয়ন্ত্ৰণ কৰি আহিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে। তেনে সময়তে ডুবাইৰ পৰা মুম্বাইলৈ আই চি চিৰ মুখ্য কাৰ্যালয় স্থানান্তৰৰ খবৰ আৰু এই বিশ্ব সংস্থাৰ সভাপতি পদত জয় শ্বাহৰ নাম চৰ্চা হোৱা বিষয়টোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।