MCC ৱৰ্ল্ড ক্ৰিকেট কমিটীৰ সদস্য হ'ল ঝুলন গোস্বমীঃ লৰ্ডছৰ বৈঠকত কৰিব অংশগ্ৰহণ... 
ক্রীড়া-জগত

MCC ৱৰ্ল্ড ক্ৰিকেট কমিটীৰ সদস্য হ'ল ঝুলন গোস্বামীঃ লৰ্ডছৰ বৈঠকত কৰিব অংশগ্ৰহণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন পেছ বলাৰ তথা বিশ্ব মহিলা ক্ৰিকেটৰ এক জীৱন্ত কিংবদন্তি ঝুলন গোস্বামীলৈ বিশেষ সন্মান। এম চি চি ৱৰ্ল্ড ক্ৰিকেট কমিটীৰ সদস্য হিচাপে মনোনীত হ'ল গোস্বামী।

তেওঁৰ সৈতে ইংলেণ্ডৰ দুই ক্ৰিকেটাৰ হেদৰ নাইট আৰু মৰ্গনেও এই সন্মান লাভ কৰিছে। এম চি চি ৱৰ্ল্ড ক্ৰিকেট কমিটীৰ সদস্য হিচাপে তেওঁলোকে আগন্তুক বৈঠকত অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে, এম চি চি ৱৰ্ল্ড ক্ৰিকেট কমিটী হৈছে এক স্বাধীন সংস্থা। বৰ্তমানৰ আৰু প্ৰাক্তন ক্ৰিকেটাৰ, আম্পায়াৰ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ ক্ৰিকেটৰ সৈতে জড়িত ব্যক্তিৰ দ্বাৰা এই কমিটী গঠন কৰা হৈছে।

এম চি চি ৱৰ্ল্ড ক্ৰিকেট কমিটীৰ আগন্তু বৈঠক অনুষ্ঠিত হ'ব লৰ্ডছত। লৰ্ডছৰ এই বৈঠকতে ঝুলন গোস্বামী প্ৰথমবাৰৰ বাবে উপস্থিত থাকিব। বিগত বছৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ঝুলন গোস্বামীয়ে ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন মেচ খেলিছিল এই লৰ্ডছতেই।

সেই মেচখনতেই তেওঁক গাৰ্ড অফ অনাৰ দিয়া হৈছিল। প্ৰায় দুটা দশক ক্ৰিকেট খেলা ঝুলন গোস্বামীৰ নামত আছে ৩০০ টা উইকেট। তেওঁ খেলিছে ২৭২ খন মেচ। টেষ্ট ক্ৰিকেটত ঝুলন গোস্বামীৰ নামত আছে ১২ খন মেচত ৪৪ টা উইকেট। চলিত বছৰৰ এপ্ৰিল মাহত এম চি চিৰ সদস্য হৈছিল তেওঁ।