এইবাৰ কাণপুৰত আহিছে ৰাণৰ বৰষুণঃ ভাৰতে গঢ়িছে এটাৰ পাছত এটা অভিলেখ... 
ক্রীড়া-জগত

এইবাৰ কাণপুৰত আহিছে ৰাণৰ বৰষুণঃ ভাৰতে গঢ়িছে এটাৰ পাছত এটা অভিলেখ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ টেষ্ট ক্ৰিকেট নহয় যেন টি-২০ হে। মাত্ৰ ১০.১ অভাৰতে সম্পূৰ্ণ ১০০ ৰাণ। ভাৰত-বাংলাদেশৰ মাজত চলি থকা দ্বিতীয়খন টেষ্টত ভাৰতীয় ক্ৰিকেট দলটোৱে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। বৰষুণৰ বিধি-পথালিৰ মাজতে অনুষ্ঠিত হোৱা কাণপুৰ টেষ্টত টেষ্ট ক্ৰিকেটৰ ইতিহাসতে দ্ৰুততম অৰ্ধশতক আৰু শতক স্ক’ৰ কৰা দল হিচাপে পৰিগণিত হ’ল ভাৰত।

ভাৰতীয় ক্ৰিকেট দলটোৱে বেটিং কৰিবলৈ অহাৰ পিছত ৩ অভাৰ নহওঁতেই দলীয় স্ক’ৰ হয় ৫০। তাৰ পাছত ১০.১ অভাৰত দলীয় স্ক’ৰ হয়গৈ ১০০। অৱশ্যে পূৰ্বেও টেষ্ট ক্ৰিকেটত দ্ৰুততম শতক অৰ্জন কৰা দলৰ ৰেকৰ্ড আছিল ভাৰতৰ নামতেই। যোৱা বৰছ ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা এখন টেষ্টত ১২.২ অভাৰতে ১০০ ৰাণ কৰি এই অভিলেখ গঢ়িছিল।

বাংলাদেশৰ বিৰুদ্ধে কাণপুৰ টেষ্টত নিজৰেই সেই অভিলেখ ভাঙিলে ভাৰতে। টেষ্ট মেচক টি-২০ৰ দৰে ভাৰতীয় দলটোৱে খেলাৰ অৱশ্যে কাৰণো নথকা নহয়। ইতিমধ্যে টেষ্টখনৰ আঢ়ৈতা দিন বৰষুণৰ বাবে অথলে গৈছে।

বাংলাদেশে প্ৰথম ইনিংছত ২৩৩ ৰাণ কৰিছে। সেয়ে অপেনিং কৰিবলৈ আহিয়েই ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালে টি-২০ ৰ দৰে আৰম্ভণি কৰে। ইয়াৰ ফলতে প্ৰথম অভাৰতে আহে ১২ ৰাণ।

দ্বিতীয় অভাৰত ৰোহিত শৰ্মাৰ দুটাকৈ ছিক্সৰ সহায়ত আহে ১৭ ৰাণ। তৃতীয় অভাৰত আহে আকৌ ২২ ৰাণ। ফলত ৩ অভাৰতে ভাৰতৰ স্ক’ৰ হয়গৈ ৫১ ৰাণ।

অৱশ্যে এনে আক্ৰমণাত্মক খেল খেলাৰ বাবেই ১১ টা বলতে ২৩ ৰাণ কৰি আউট হয় ৰোহিত শৰ্মা। বাতৰি লিখাৰ সময়লৈকে ২১৯ ৰাণত ৪ টা উইকেট। অভাৰ গৈছে মাত্ৰ ২৬ টা।

জয়ছোৱালে ৫১ বলত ৭২ ৰাণ কৰি আউট হয়। শুভমণ গিলে কৰে ৩৬ বলত ৩৯। ঋষভ পণ্টে কৰে মাত্ৰ ৯ ৰাণ। বিৰাট কোহলি আৰু কে এল ৰাহুলে ক্ৰমে ৪১ আৰু ৩০ ৰাণ কৰি ক্ৰিজট দপদপাই আছে।