ক্রীড়া-জগত

গৃহ চহৰত পৰাস্ত লক্ষ্ণৌ : ৭উইকেটত জয়ী ৰাজস্থান

Asomiya Pratidin

ডিজিটেল ডেস্ক : জয়ৰ ধাৰা অক্ষুন্ন ৰাখিছে ৰাজস্থান ৰয়েলছে। শনিবাৰে নিশা লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে ৰাজস্থানে ৰাজকীয় বিজয় সাব্যস্ত কৰে।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ গৃহ চহৰত অনুষ্ঠিত মেচখনত আলহী দলটোৱে ৭উইকেটত জয়লাভ কৰি দলৰ পইণ্ট ১৬লৈ বৃদ্ধি কৰে। ফলত ৰাজস্থানে প্লে অফৰ বাট মসৃণ কৰি তোলে।

টছত জয়ী হৈ ৰাজস্থানে কে এল ৰাহুল নেতৃত্বাধীন দলটোক পোনতে বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনায়। লক্ষ্ণৌৱে পোনতে বেট ধৰি ৫টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৯৬ ৰান।

অ'পেনিং বেটাৰ কুইণ্টন ডি ক'ক(৮) ব্যৰ্থ হ'লেও দলৰ স্ক'ৰ বৃদ্ধি কৰাত অধিনায়ক কে এল ৰাহুলে অনবদ্য ভূমিকা লয়। ৰাহুলে মাত্ৰ ৪৮টা বলত ৭৬ ৰান কৰে। তেঁওৰ এই ইনিংছটোত আছিল ৮টা বাউণ্ডেৰী আৰু ২টা অ'ভাৰ বাউণ্ডেৰী। ইয়াৰোপৰি দীপক হুদাই ৫০ ৰান কৰে।

লক্ষ্ণৌৱে বান্ধি দিয়া বিজয় লক্ষ্য সন্মুখত লৈ ৰাজস্থানে ৬০ ৰানত প্ৰথমটো উইকেট হেৰুৱায়। দলৰ ইনিংছ মুকলি কৰা বাটলাৰ (৩৪) আৰু জয়ছোৱাল (২৪) অধিক সময় তিষ্ঠিব নোৱাৰিলেও দলৰ ভেটি গঢ়াত অন্যতম ভূমিকাগ্ৰহণ কৰে।

ইয়াৰ পাছতে ক্ৰিজলৈ আগমন ঘটে ক্ৰমে সঞ্জু ছেমছন আৰু ৰিয়ান পৰাগৰ। অধিনায়ক ছেমছনে ধৈৰ্যসহকাৰে ইনিংছ আগুৱাই লৈ যোৱাৰ সময়ত ছিক্সাৰ কোবাবলৈ গৈ ৰিয়ান অমিত মিশ্ৰৰ বলত আউট হয়।

অৱশ্যে ৰিয়ানে অলপ ধৈৰ্য ধৰিলে এটা দীঘলীয়া ইনিংছ খেলিবলৈ পাৰিলেহেঁতেন ! কাৰ্যতঃ দীঘলীয়া ইনিংছ খেলাত ৰিয়ান ব্যৰ্থ হয়। তেওঁ ১১টা বলত মাত্ৰ ১৪ ৰান কৰি পেভিলিয়নমুখী হয়।

ৰিয়ানৰ উইকেট পতনৰ পাছতে সঞ্জু ছেমছনে ধ্ৰুৱ জুৰেলক সংগী হিচাপে লৈ দলৰ জয়ত অনৱদ্য ভূমিকা পালন কৰে। অধিনায়কগৰাকীয়ে ৭১ ৰান আৰু জুৰেলে ৫২ৰানৰ অপৰাজিত ইনিংছ খেলে।