২০ কেজি ওজন কমালেহে খেলিব পাৰিব আই পি এল ! 
ক্রীড়া-জগত

২০ কেজি ওজন কমালেহে খেলিব পাৰিব আই পি এল !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ক্ৰিকেট আৰু আই পি এল বুলি ক'লেই বহুতৰ মনলৈ প্ৰথমেই নাম আহে মহেন্দ্ৰ সিং ধোনিৰ। নাহিবই বা কিয়? চেন্নাই চুপাৰ কিংছক ৫ বাৰকৈ আই পি এলৰ খিতাপ জয় কৰাত নেতৃত্ব প্ৰদান কৰিছে ধোনিয়ে। ধোনি অবিহনে চি এছ কে, অথবা আই পি এল বহুতৰ বাবে কল্পনাৰো অতীত।

৪২ বৰ্ষীয় ধোনিয়ে পুনৰ খেলিব আই পি এল

৫ বাৰৰ চেম্পিয়ন চি এছ কেয়ে পুনৰ এবাৰ ধোনিৰ নেতৃত্বত আই পি এলৰ যুঁজত নামিবলৈ সাজু হৈছে। ২০২৩ আই পি এলেই ধোনিৰ বাবে শেষ আই পি এল হ'ব বুলি ধাৰণা কৰা হৈছিল যদিও তেওঁ ট্ৰফী জয় কৰাৰ পাছত ফিটনেছ ধৰি ৰাখি অনুৰাগীসকলৰ বাবে পুনৰ আই পি এল খেলি যোৱাৰ ইংগিত প্ৰদান কৰিছিল।

২০২৪ ত ধোনিয়ে পুনৰ চি এছ কেক যে নেতৃত্ব প্ৰদান কৰিব সেয়া প্ৰায় নিশ্চিত। হালধীয়া জাৰ্ছিত পুনৰ এবাৰ খেল পথাৰত নামিব 'থালা'।

ফিটনেছক লৈ সচেতন ধোনি

৪২ টা বসন্ত অতিক্ৰম কৰা ধোনিৰ ফিটনেছক লৈ চৰ্চাৰ শেষ নাই। তেওঁ এনেধৰণে নিজৰ ফিটনেছক ধৰি ৰাখিছে যে, বহু তৰুণ খেলুৱৈৰ বাবে সেয়া ঈৰ্ষাৰ কাৰণ হৈ পৰিছে।

২০২৩ আই পি এলত যেতিয়াই তেওঁ বেটিং কৰাৰ সুযোগ লাভ কৰিছে তেতিয়াই বাউণ্ডেৰী, অভাৰ বাউণ্ডেৰীৰে অনুৰাগীক ৰোমাঞ্চিত কৰি তুলিছিল। খেল পথাৰত উইকেট কিপিঙৰ সমান্তৰালকৈ নিখুঁত সিদ্ধান্তৰে সকলোকে মনোৰঞ্জন দি আহিছে।

যি বয়সত বহুতেই খেল পথাৰ এৰি ধাৰাভাষ্যকাৰ, প্ৰশিক্ষক অথবা আন কিবা কামলৈ আগ্ৰহ প্ৰকাশ কৰে সেই সময়ত ধোনিয়ে খেলি যাব পৰাকৈ নিজৰ ফিটনেছ ধৰি ৰাখিছে।

২০ কেজি ওজন কমালেহে খেলিব পাৰিব আই পি এল

আফগানিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আছগৰ আফগানে শেহতীয়াকৈ ধোনি সম্পৰ্কে কৰা এক মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। তেওঁ কয়, ২০১৮ বৰ্ষত এছিয়া কাপৰ মেচ খেলাৰ সময়ত ধোনিৰ সৈতে কথা পাতিছিলো। মহম্মদ শ্বাহজাদৰ সন্দৰ্ভত আমি কথা পাতিছিলো।

তেওঁ কয়, ধোনিক কৈছিলো, শ্বাহজাদে আই পি এল খেলিব বিচাৰে। ধোনিয়ে কৈছিল শ্বাহজাদৰ পেট ডাঙৰ। তেওঁ ২০ কেজি ওজন কমাব পাৰিলে চেন্নাই চুপাৰ কিংছে লৈ ল'ব। অৱশ্যে শ্বাহজাদে আই পি এল খেলিব নোৱাৰিলে। সেইবাৰ তেওঁৰ ওজন আৰু ৫ কেজি বৃদ্ধি কৰিহে দেশলৈ ঘূৰিলে।