ক্রীড়া-জগত

দ্বিতীয় টেষ্টৰ পূৰ্বে বিৰাট কোহলিকলৈ চিন্তিত মেনেজমেন্ট

Asomiya Pratidin

ডিজিটেল ডেস্ক : এবাৰ, দুবাৰ নহয় নেটত দহটা বলৰ সন্মুখীন হৈ ৪বাৰ আউট হয় বিৰাট কোহলি। আজিৰে পৰা বাংলাদেশৰ বিৰুদ্ধে দ্বিতীয় টেষ্ট আৰম্ভ হ’ব। মেচৰ পূৰ্বে নেটত অনুশীলন কৰি বুমৰাহ আৰু অক্ষৰ পেটেলৰ বলত মুঠ চাৰিবাৰ আউট হয় বিৰাট কোহলি।

ইফালে ৰবীন্দ্ৰ জাডেজাৰ স্পীন বলিঙত অনুশীলন কৰিবলৈ গৈ বাৰে বাৰে উজুটি খাই প্ৰাক্তন অধিনায়কগৰাকী। কোহলিৰ এই বাৰম্বাৰ আউটে এতিয়া দলীয় মেনেজমেণ্টক চিন্তিত কৰি তুলিছে। অৱশ্যে এইক্ষেত্ৰত বিপৰীত প্ৰশিক্ষক গৌতম গম্ভীৰ। বিৰাটৰ প্ৰদৰ্শনৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিছে গম্ভীৰে।  

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে প্ৰথমখন টেষ্টৰ দুয়োটা ইনিংছত কোহলিৰ ৰান মাত্ৰ ২৩। প্ৰথম ইনিংছত পেচাৰৰ বলত আউট হৈছিল আৰু দ্বিতীয় ইনিংছত স্পীনাৰৰ বলত লেগ বিফ’ৰ হৈ বিমুখ হৈছিল বিৰাট কোহলি।