২০১৯ বিশ্বকাপত কিয় দলৰ পৰা 'ড্ৰপ' কৰিছিল আজিও বুজি পোৱা নাই ছামিয়ে 
ক্রীড়া-জগত

২০১৯ বিশ্বকাপত কিয় দলৰ পৰা 'ড্ৰপ' কৰিছিল আজিও বুজি পোৱা নাই ছামিয়ে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন জ্যেষ্ঠ খেলুৱৈসকলে তেওঁলোকৰ মাজত যেনেধৰণৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে তেনে আন্তৰিকতাপূৰ্ণ সম্পৰ্ক হয়তো আজিৰ খেলুৱৈয়ে ধৰি ৰাখিব পৰা নাই। দলত স্থান সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অত্যাধিক প্ৰতিযোগিতাৰ বাবেই হয়তো খেলুৱৈসকলৰ মাজত এতিয়া বন্ধুত্বৰ সম্পৰ্কও অটুট নথকাৰ এক পৰিবেশ গঢ় লৈ উঠিছে।

সেয়ে হয়তো ইতিমধ্যে স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে মুকলিকৈয়ে প্ৰকাশ কৰিছিল ভাৰতীয় ক্ৰিকেট দলত তেওঁৰ কোনো বন্ধু নাই। শেহতীয়াকৈ আঘাতৰ সন্মুখীন হৈ ২০২৩ ৰ বিশ্বকাপৰ পাছৰে পৰা ভাৰতীয় দলৰ বাহিৰত থকা মহম্মদ ছামিৰো ভাৰতীয় দলৰ সকলো সদস্য বন্ধু নহয়।

দীৰ্ঘদিন ধৰি একেলগে খেলি আহিছে যদিও ভাৰতীয় দলৰ কেৱল বিৰাট কোহলি আৰু ঈশান্ত শৰ্মাকহে তেওঁ বন্ধু বুলি ক’ব পাৰে। কিয়নো আঘাতৰ সমস্যাৰ বাবে ২০২৩ ৰ বিশ্বকাপৰ পাছৰে পৰা দলৰ পৰা আঁতৰতা থকা ছামিৰ সৈতে সঘনে কথা পাতে। তেওঁৰ আৰোগ্যৰ খবৰ লয়। কিন্তু আন কোনো খেলুৱৈৰ সৈতে তেওঁৰ তেনে কোনো সম্পৰ্ক নাই। সেয়ে এই দুই ক্ৰিকেটাৰকে ছামিয়ে তেওঁৰ বন্ধু বুলি ক'ব পাৰে।

অৱশ্যে ইয়াৰে আকৌ বিৰাট কোহলি ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে থকাৰ সময়তে ২০১৯ ৰ বিশ্বকাপত ছামিক দলৰ পৰা বাহিৰত ৰখা হৈছিল। ২০১৯ বিশ্বকাপৰ পাছত বহু সময় পাৰ হ’ল। ২০২৩ বিশ্বকাপৰ ফাইনেলো খেলিলি ভাৰতে।

প্ৰতিযোগিতাখনত ভাৰতীয় দলটো ফাইনেলত প্ৰৱেশ কৰাত মহম্মদ ছামিৰ অবদান আছিল যথেষ্ট। সেই ছামিয়েই এতিয়া ২০১৯ ৰ বিশ্বকাপত তেওঁক দলৰ পৰা বাদ দিয়া সন্দৰ্ভত বন্ধু বুলি অভিহিত কৰিও বিৰাট কোহলি আৰু তেতিয়াৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰিৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

২০১৯ বিশ্বকাপৰ ছেমি ফাইলেত ভাৰতীয় দলটো নিউজিলেণ্ডৰ হাতত ১৮ ৰাণত পৰাস্ত হৈছিল। সেই মেচত খেলোৱা হোৱা নাছিল মহম্মদ ছামিক। বিশ্বকাপখনৰ প্ৰথম চাৰিখন মেচত ছামিয়ে লাভ কৰিছিল মুঠ ১৪ টা উইকেট।

তাৰ পাছতো তেওঁক মূল একাদশৰ পৰা বাদ দিয়া হৈছিল। কিন্তু তেওঁক কিয় এইদৰে মূল একাদশৰ পৰা বাদ দিয়া হৈছিল সেই বিষয়ে এতিয়াও একো বুজি পোৱা নাই ছামিয়ে। তেওঁ কয়, প্ৰতিটো দলত এনেকুৱা খেলুৱৈৰ প্ৰয়োজন যিয়ে মেচ জিকাব পাৰে। সেইবাৰ মই প্ৰথম তিনিখন মেচত ১৩ টা উইকেট লাভ কৰিছিল। ইয়াতকৈ বেছি আৰু কি কৰিব পাৰোঁ?

২০১৯ ৰ সেই বিশ্বকাপৰ ভাৰতীয় দলটোৰ অধিনায়ক আৰু মুখ্য প্ৰশিক্ষকৰ এই সিদ্ধান্তৰ ওপৰত ছামিয়ে এইদৰেই এতিয়া প্ৰশ্ন তুলিছে। এই সন্দৰ্ভত ছামিক কৰা এক প্ৰশ্নত বিৰক্তিৰে কয়, মোৰ এতিয়া তেওঁলোকক কৰিবলৈ কোনো প্ৰশ্ন নাই, মোক কোনো উত্তৰো নালাগে। সুযোগ পালে কেৱল নিজকে প্ৰমাণ কৰিবলৈ বিচাৰোঁ। মোক সুযোগ দিয়া হৈছিল। মই তিনিখন মেচত ১৩ টা উইকেট লৈছিলোঁ। তাৰ পাছত নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হয়। চাৰিখন মেচত ১৪ টা উইকেট লাভ কৰিছিলোঁ। ২০২৩ বিশ্বকাপত ৭ খন মেচত ২৪ টা উইকেট পাইছোঁ।

উল্লেখ্য যে, ২০২৩ বিশ্বকাপতো ভাৰতীয় দলটোৰ মূল একাদশত প্ৰথমে খেলাৰ সুযোগ লাভ কৰা নাছিল ছামিয়ে। চতুৰ্থখন মেচত বাংলাদেশৰ বিৰুদ্ধে খেলাৰ সময়ত হাৰ্দিক পাণ্ডিয়াই আঘাত পোৱাৰ পাছত ছামিক মূল একাদশত স্থান দিয়া হৈছিল। অৱশ্যে ছামিও আঘাতৰ মাজাৰেই যুঁজি আছিল। তথাপিও ছামিৰ আগমণৰ লগে লগে ভাৰতীয় বলিং আক্ৰমণ অপ্ৰতিৰোধ্য হৈ পৰিছিল। ছামিৰ মুখামুখি হোৱাৰ সময়ত প্ৰতিদ্বন্দি সকলো দলৰ খেলুৱৈয়ে সমস্যাৰ সন্মুখীন হৈছিল। ছামিৰ এনে বলিং আক্ৰমণৰ বাবেই ভাৰতীয় দলটো অপ্ৰতিৰোধ্য হৈ ফাইনেলত প্ৰৱেশ কৰিছিল।