৮ বছৰৰ পাছত ৰঞ্জী ট্ৰফীত পুনৰ চেম্পিয়ন মুম্বাই... 
ক্রীড়া-জগত

পুনৰ ৰঞ্জী ট্ৰফীত চেম্পিয়ন মুম্বাইঃ এই পৰ্যন্ত নিলে ৪২ টা ট্ৰফী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৮ বছৰৰ মূৰত পুনৰ ৰঞ্জী ট্ৰফীত চেম্পিয়ন হ'ল মুম্বাই। আজিংক্য ৰাহানেৰ নেতৃত্বত বিদৰ্ভক পৰাস্ত কৰি মুম্বাইয়ে দখল কৰিলে চলিত ছিজনৰ ৰঞ্জী ট্ৰফী।

উল্লেখ্য যে, অন্তিমবাৰৰ বাবে মুম্বাইয়ে ২০১৫-১৬ ছিজনত জয় কৰিছিল ৰঞ্জী ট্ৰফী। তাৰ পাছত ৮ বছৰৰ অপেক্ষা। ইয়াৰ মাজতে অৱশ্যে দুবাৰ ফাইনেলত উপনীত হৈছিল যদিও দুয়োবাৰ পৰাজিত হৈছিল।

কিন্তু এইবাৰ আজিংক্য ৰাহানেৰ অধিনায়কত্বত মুম্বাইয়ে বিদৰ্ভক ১৬৯ ৰাণত পৰাস্ত কৰি পুনৰবাৰ চেম্পিয়ন হয়। ইয়াৰ লগে লগে মুম্বাইয়ে দখল কৰা মুঠ ৰঞ্জী ট্ৰফীৰ সংখ্যা হয়গৈ ৪২ টা। এয়াও এক ৰেকৰ্ড।

ফাইনেল মেচখনত প্ৰথম ইনিংছত মুম্বাইয়ে কৰে ২২৪ ৰাণ। টপ অৰ্ডাৰত পৃথ্বী শ্ব'ৰ বেটৰ পৰা আহে ৪৬ ৰাণ। মিডল অৰ্ডাৰ ব্যৰ্থ হয়। অৱশ্যে চাৰ্দুল ঠাকুৰে দলৰ বিপৰ্যয়ত ত্ৰাণকৰ্তা হিচাপে ধৰা দিয়ে। তেওঁ ৬৯ বলত কৰে ৭৫ ৰাণ।

ৱাংখেড়েত অনুষ্ঠিত হোৱা মেচখনত প্ৰথম ইনিংছত বিদৰ্ভৰ বেটছমেনসকলো চূড়ান্তৰূপত ব্যৰ্থ হয়। দলটোৱে মাত্ৰ ১০৫ ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই।

প্ৰথম ইনিংছত ১১৯ ৰাণৰ অগ্ৰগতিৰে মুম্বাইয়ে দ্বিতীয় ইনিংছত বেটিং কৰি সংগ্ৰহ কৰে ৪১৮ ৰাণৰ লক্ষ্য। মুম্বাইৰ হৈ মুছিৰ খানে কৰে ১৩৬ ৰাণ। শ্ৰেয়াস আয়াৰৰ বেটৰ পৰা আহে ৯৫ ৰাণ। অধিনায়ক ৰাহানেয়ে কৰে ৭৩ ৰাণ আৰু মুলানিয়ে কৰে ৫০ ৰাণ। ফলত বিদৰ্ভৰ সন্মুখত মুঠ লক্ষ্য হয়গৈ ৫৩৮ ৰাণ ।

মুম্বাইৰ এই পৰ্বতসম স্ক'ৰেই দলটোৰ বিজয় নিশ্চিত কৰি তোলে। অৱশ্যে হাৰ মানি লোৱা নাছিল বিদৰ্ভয়ে। দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ আহি দলটোৱে মুম্বাইক কিছুসময়ৰ বাবে চিন্তিত কৰি তুলিছিল।

দলটোৰ কৰুণ নায়াৰ, অধিনায়ক অক্ষয় ৱাডকাৰ আৰু হৰ্ষ দুবেয়ে দলটোক বিজয়ৰ বাবে পাৰ্যমানে চেষ্টা কৰিছিল। দলটোৰ বেটাৰ কৰুণ নায়াৰে কৰে ৭৪ ৰাণ। অধিনায়ক অক্ষয়ে অৰ্জন কৰে শতক। তেওঁৰ বেটৰ পৰা আহে ১০২ ৰাণ। হৰ্ষ দুবেয়ে কৰে ৬৫ ৰাণ। ইয়াৰ পাছতেই দলটোৰ বিপৰ্যয় আৰম্ভ হয়। দলটোৰ অন্তিম চাৰি উইকেটত আহে মাত্ৰ ১৩ ৰাণ। ফলত মুম্বাইয়ে ১৬৯ ৰাণত বিজয়ী হয়।