অসমত আকৌ অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় ক্ৰীড়াঃ ৬০০ কোটি ব্যয়ৰে নেহৰু ষ্টেডিয়াম হ'ব পুনৰ নিৰ্মাণ... 
ক্রীড়া-জগত

অসমত আকৌ অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় ক্ৰীড়াঃ ৬০০ কোটি ব্যয়ৰে নেহৰু ষ্টেডিয়াম হ'ব পুনৰ নিৰ্মাণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সুদীৰ্ঘ সময়ৰ পাছত অসমত আকৌ অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা। সকলো ঠিকেই থাকিলে ২০২৫ অথবা ২০২৬ চনত অসমত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা। এই সন্দৰ্ভত সকলো প্ৰস্তুতি আৰম্ভ কৰিছে অসম চৰকাৰে।

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে অৱগত কৰিছে। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰস্তুতিৰ অংশ হিচাপেই ইতিমধ্যে অসমৰ ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ কাম হাতত লৈছে ৰাজ্য চৰকাৰে। এই পৰিকল্পনাৰেই নেহৰু ষ্টেডিয়াম পুনৰ নিৰ্মাণৰ বাবে ৬০০ কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে।

নেহৰু ষ্টেডিয়ামত ৬০০ কোটি টকা খৰচ কৰি ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ ফুটবল ফিল্ডৰ লগতে অনুশীলন ফিল্ড নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই প্ৰকল্পত থাকিব ৰাজ্যৰ আটাইবোৰ ক্ৰীড়া সন্থাৰ কাৰ্যালয়। নিৰ্মাণ কৰা হ'ব অলিম্পিক পৰ্যায়ৰ ফুটবল ফিল্ডো।

ৰাষ্ট্ৰীয় ক্ৰীড়াক সন্মুখত ৰাখিয়েই আমিনগাঁৱত নিৰ্মাণ কৰা হৈছে মাল্টি পাৰ্পছ ষ্টেডিয়াম । চন্দ্ৰপুৰতো অহা মাহৰ পৰা নিৰ্মাণ কৰা হ'ব আন এখন মাল্টি পাৰ্পছ ষ্টেডিয়াম।