জামুগুৰিহাটৰ টুপিয়াত নৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজন... 
ক্রীড়া-জগত

জামুগুৰিহাটৰ টুপিয়াত নৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজন...

চিদানন্দ বৰা আৰু অৱনীপ্ৰসাদ বৰা সোঁৱৰণি প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল ২১ অক্টোবৰত

Asomiya Pratidin

ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়া পাঁচগাও ক্ৰীড়া সংস্থাৰ উদ্যোগত আয়োজিত চিদানন্দ বৰা আৰু অৱনীপ্ৰসাদ বৰা সোঁৱৰণি ৰাজ্যিক পৰ্যায়ৰ প্ৰাইজমাণি নৈশ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল মেচ ২১ অক্টোবৰৰ সন্ধিয়া ৬ বজাৰ পৰা টুপিয়া মিনি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব৷ এইবাৰ সম্পূৰ্ণ নৈশ ভাগত অনুষ্ঠিত হ'ব লগা নদুৱাৰ সমষ্টিৰ সৰ্ব্ববৃহৎ এই প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাখনিৰ প্ৰথম কোৱাৰ্টাৰ ফাইনেল খেলখনত ওদালগুৰিৰ ইউনাইটেড ক্লাৱ ফুটবল দল আৰু বিশ্বনাথ চাৰিআলিৰ মোনাবাৰী চাহ বাগিছা ফুটবল দল পৰস্পৰৰ মুখামুখি হ'ব৷

বিদেশী খেলুৱৈৰে সমৃদ্ধ মৰিগাঁৱৰ জালুগুটি ফুটৱল ক্লাৱ আৰু নগাঁৱৰ অম্লানজ্যোতি ফুটৱল ক্লাব এইবাৰৰ প্ৰতিযোগিতাখনিৰ অন্যতম আকৰ্ষণ হ'ব৷ তদুপৰি বৰহমপুৰ নৱম পুলিচ ফুটবল দল আৰু অসম পুলিচ কামাণ্ডো বেটেলিয়ন ফুটবল দল, বেদেতি চাহ বাগিছা ফুটবল দল, ৰঙাপাৰাৰ কলচি ফুটবল দল আদিকে ধৰি আগশাৰীৰ ফুটবল দল সমূহে অংশগ্ৰহণ কৰিব লগা ফুটবল প্ৰতিযোগিতাখনিৰ পৰবৰ্তী কোৱাৰ্টাৰ ফাইনেলৰ মেচসমূহ ২২,২৩ আৰু ২৪ অক্টোবৰত ধাৰবাহিক ভাবে অনুষ্ঠিত হ'ব৷

প্ৰতিযোগিতাখনিৰ বিজয়ী আৰু বিজেতা দলক আকৰ্শনীয় ট্ৰফীৰ লগতে এক বৃহৎ প্ৰাইজমাণিও প্ৰদান কৰা হ'ব বুলি জনাইছে টুপিয়া পাচগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি নিতুমনি বৰাই৷ অঞ্চলটোৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকদ্বয় চিদানন্দ বৰা আৰু অৱনীপ্ৰসাদ বৰাৰ পৱিত্ৰ স্মৃতি ৰক্ষাৰ্থে পৰিয়ালবৰ্গৰ বিশেষ তৎপৰতাত টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত পোন প্ৰথম বাৰৰ বাবে নিশাৰ ভাগত আয়োজন কৰা এই ফুটবল খেল প্ৰতিযোগিতাখনিত সকলো শ্ৰেণীৰ ফুটবল প্ৰেমী ৰাইজৰ উপস্থিতি আৰু সহায়, সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাৰ বিষয়ববীয়া সকলে৷৷