অলিম্পিক, ২০২৪

দিয়ক আৰ্শীবাদঃ আজি অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত লাভলীনা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰত তথা অসমৰ বাবে আজি এটা ডাঙৰ দিন। কিয়নো পেৰিছ অলিম্পিকত আজি অসম কন্যা লাভলীনা বৰগোহাঁয়ে কোৱাৰ্টাৰ ফাইনেল খেলিব। উল্লেখ কৰা প্ৰয়োজন যে, অলিম্পিকৰ প্ৰথমখন খেলত মহিলাৰ ৭৫কেজি শাখাৰ ১৬নং ৰাউণ্ডৰ মেচত নৰৱেৰ চুনিভা হফষ্টেডক পৰাস্ত কৰিছিল লাভলীনাই।

লাভলীনাৰ খেল আজি চীনৰ প্লেয়াৰ লী কিয়ানৰ বিৰুদ্ধে। লাভলীনাই আজি চীনৰ শীৰ্ষস্থানৰ লী কিয়ানক হৰুৱাব পাৰে তেন্তে ভাৰতৰ অলিম্পিকৰ ইতিহাসত অসম প্ৰথম এক-দুই পৃষ্ঠাতে জিলিকি থাকিব ৷ লাভলীনা হ'ব পাৰে ভাৰতৰ ৪ৰ্থ গৰাকী গাইগুটীয়া ক্ৰীড়াবিদ যিয়ে অলিম্পিকত দুটাকৈ পদক অৰ্জন কৰিছে ৷

ইফালে লাভলীনাৰ দৰে লক্ষ্য সেনেও আজি ইতিহাস ৰচনা কৰিব পাৰে ৷ শীৰ্ষস্তৰীয় প্ৰতিযোগী ভিক্টৰ এক্সেলছেনক হৰুৱালে লক্ষ্য হৈ পৰিব ভাৰতৰ প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী পুৰুষ বেডমিণ্টন খেলুৱৈ ৷ অৱশ্যে আজি হাৰিলেও লক্ষ্যি ব্ৰঞ্জৰ পদকৰ বাবে যুঁজ দিবলৈ সুযোগ পাব ৷

কিন্তু আজি হাৰিলে ভাৰতীয় পুৰুষ হকী দলে পদক লাভৰ সুযোগৰপৰা বঞ্চিত হ'ব ৷ কিন্তু ক্ৰেইগ ফুলটানৰ প্ৰশিক্ষণত হৰমনপ্ৰীতে নেতৃত্ব দিয়া এই ভাৰতীয় দলটোৱে নিজৰ প্ৰদৰ্শন শীৰ্ষস্তৰলৈ লৈ যাবলৈ সক্ষম হৈছে ৷ যোৱাবাৰৰ ছেম্পিয়ন বেলজিয়ামৰ লগত অলপতে হাৰি তাৰ পৰৱৰ্তী খেলত শক্তিশালী অষ্ট্ৰেলিয়াক অলিম্পিকত ৫২ বছৰ পিছত পৰাস্ত কৰে ৷