পেৰিছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাঃ ৪ আগষ্টত পৰৱৰ্তী মেচ...  
অলিম্পিক, ২০২৪

পেৰিছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাঃ ৪ আগষ্টত পৰৱৰ্তী মেচ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত বিজয়ৰে যাত্ৰা আৰম্ভ কৰিলে অসম কন্যা লাভলীনা বৰগোঁহায়ে। ৩১ জুলাই, বুধবাৰে লাভলীনাই ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা আগবঢ়ায়। মেচখনত লাভলীনাৰ প্ৰতিদ্বন্দি আছিল নৰৱেৰ ছুনিভা হফষ্টাড।

ৰাউণ্ড অফ-১৬ ৰ এই মেচখনত লাভলীনাই ৫-০ ব্যৱধানত বিজয়ী সাব্যস্ত কৰি পৰৱৰ্তী কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। তেওঁৰ পৰৱৰ্তী মেচ আছে ৪ আগষ্টত।

আজিৰ মেচখনত লাভলীনাৰ প্ৰতিদ্বন্দি ছুনিভা হফষ্টাডে আৰম্ভণিৰ পৰা আক্ৰমণাত্মক খেল খেলিছিল যদিও লাভলীনাই অতি কৌশলপূৰ্ণভাৱে প্ৰতি মুহূৰ্ততে কেৱল সঠিক সুযোগলৈ অপেক্ষা কৰিছিল আৰু প্ৰতিটো সুযোগতে সঠিক পাঞ্চ কৰিবলৈ সক্ষম হৈছিল।

লাভলীনাই এতিয়া পৰৱৰ্তী ৪ আগষ্টৰ কোৱাৰ্টাৰ ফাইনেলৰ মেচত বিজয় সাব্যস্ত কৰিব পাৰিলেই প্ৰৱেশ কৰিব ছেমি ফাইনেলত। আৰু মাত্ৰ এখন মেচত বিজয় সাব্যস্ত কৰিব পাৰিলেই লাভলীনাৰ এটা পদক নিশ্চিত।

উল্লেখ্য যে, টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়েৰে ইতিমধ্যে ইতিহাস ৰচনা কৰা লাভলীনাক লৈ এইবাৰ সমগ্ৰ দেশবাসী আশাবাদী। সকলোৰে বিশ্বাস লাভলীনাই তেওঁৰ পূৰ্বৰ ব্ৰঞ্জৰ পদকক এইবাৰ স্বৰ্ণ পদকলৈ ৰূপান্তৰ কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত লাভলীনাৰ যাত্ৰা বৰ এটা সহজ নহ'ব।

৪ আগষ্টৰ ৰাউণ্ড অফ-৮ ত তেওঁৰ প্ৰতিদ্বন্দি চীনৰ শীৰ্ষস্থনীয় বক্সাৰ লি কয়ান। অৱশ্যে লাভলীনাই এই প্ৰত্যাহ্বানো সফলতাৰে অতিক্ৰম কৰিব পাৰিব বুলিয়েই সকলো আশাবাদী।

মন কৰিবলগীয়া যে টকিঅ' অলিম্পিকত লাভলীনাৰ ৱেইট কেটেগৰী আছিল ৬৯ কেজি। কিন্তু পেৰিছ অলিম্পিকত এই ৱেইট কেটেগৰী বাতিল কৰাত লাভলীনাই ওজন বৃদ্ধি কৰি ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰিছে।

টকিঅ' অলিম্পিকৰ পিছত লাভলীনাই বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ৭৫ কেজি শাখাতেই জয় কৰিছে। এছিয়ান গেমছতো ৭৫ কেজি শাখাতেই ৰূপৰ পদক অৰ্জন কৰিছে। পূৰ্বে ৬৯ কেজি শাখাত তেওঁ দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদকহে জয় কৰিছিল।

সেয়ে ৭৫ কেজি শাখাত লাভলীনাই অধিক সফলতা লাভ কৰিব বুলিয়েই বিশ্বাস কৰা হৈছে। সেই বিশ্বাসেৰেই এইবাৰ টকিঅ'ত লাভলীনাই সোণালী ইতিহাস ৰচনা কৰিব বুলি পূৰ্বৰে পৰাই চৰ্চা অব্যাহত আছে।