পেৰিছত তৃতীয় পদক জয়ৰ আশা সজীৱ মনোৰঃ খালী হাতে উভতিল শ্বাটলাৰ সিন্ধু... 
অলিম্পিক, ২০২৪

পেৰিছত তৃতীয় পদক জয়ৰ আশা সজীৱ মনোৰঃ খালী হাতে উভতিল শ্বাটলাৰ সিন্ধু...

আজি কোৱাৰ্টাৰ ফাইনেল খেলিব লক্ষ্য সেনে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অলিম্পিকত আন এটা পদক নিশ্চিত কৰাৰ লক্ষ্য মনো ভাকেৰৰ। পেৰিছ অলিম্পিকত ইতিমধ্যে দুটাকৈ পদক ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰা মনোৱে আজি ২৫ মিটাৰ পিস্তলৰ ফাইনেলত উপনীত হোৱাৰ যোগ্যতা অৰ্জনৰ বাবে খেলিব।

তেওঁৰ সৈতে এই একেটা ইভেণ্টত ভাৰতৰ আন এগৰাকী শ্বুটাৰ ইশা সিঙেও প্ৰতিদ্বন্দিতা আগবঢ়াব। দিনৰ ১২-৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাত দুয়োগৰাকী ভাৰতীয় শ্বুটাৰে সফলতা অৰ্জন কৰি ফাইনেললৈ উত্তীৰ্ণ হ'ব বুলিয়েই আশা কৰা হৈছে।

সেইদৰেই আজি বেডমিণ্টৰ কোৱাৰ্টাৰ ফাইনেল খেলিব লক্ষ্য সেনেও। এথলেটিক্সত পুৰুষৰ শ্বটপুতৰ মূল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জনৰ বাবে চেষ্টা কৰিব তেজিন্দৰপাল সিঙে।

ইফালে পেৰিছ অলিম্পিকত ভাৰতৰ পদকৰ অন্যতম দাবীদাৰ শ্বাটলাৰ পি ভি সিন্ধু ব্যৰ্থ হৈছে। ৰিঅ’ অলিম্পিকত ৰূপৰ পদক, টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা সিন্ধুৱে পেৰিছতো পদক জয় কৰিব পাৰিব বুলি আশা কৰা হৈছিল যদিও তেওঁ চীনৰ প্ৰতিদ্বন্দিৰ হাতত ৰাউণ্ড অফ-১৬ ত পৰাস্ত হয়। মেচখনত প্ৰতিদ্বন্দী হি বিংজিয়াওৰ হাতত সিন্ধু ২১-১৯, ২১-১৪ ব্যৱধানত পৰাস্ত হোৱাত সিন্ধুৰ ধাৰাবাহিক তৃতীয়টো পদক জয়ৰ আশা নিৰ্বাপিত হ'ল।