অন্ত পৰিল দ্বিতীয় ফৰাচী বিপ্লৱ... 
অলিম্পিক, ২০২৪

অন্ত পৰিল দ্বিতীয় ফৰাচী বিপ্লৱ...

Asomiya Pratidin
পেৰিছ অলিম্পিক যেন ক্ৰীড়া প্ৰতিযোগিতা নাছিল আছিল দ্বিতীয় ফৰাচী বিপ্লৱহে। অলিম্পিকৰ প্ৰতিটো ইভেণ্টৰ স্থান আছিল ইতিহাস প্ৰসিদ্ধ। শিল্প, সংস্কৃতি, ঐতিহ্যৰ সমাহাৰ ঘটিছিল পেৰিছত। এই বৰ্ণময় পৰিবেশৰ মাজতেই সমাধিস্থ হৈছিল ভাৰতৰ সপোন। পেৰিছ অলিম্পিকৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

পেৰিছ অলিম্পিক বিশ্বৰ বাবে অসংখ্য ক্ৰীড়াবিদৰ বাবে আছিল এক স্বপ্নৰ অলিম্পিক। এই অলিম্পিকৰ পৰিবেশ, পৰিলকল্পনা আছিল নিখুঁট। আইফেল টাৱাৰৰ তলতে হৈছিল বিচ ভলীবল। কেতিয়াবা কোনোবাই কল্পনা কৰিছিলনে?

আইফেল টাৱাৰৰ তলৰ এই মনোৰম পৰিবেশত অনুষ্ঠিত হোৱা বিচ ভলীবল হৈ পৰিছিল সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ। আয়োজকসকলে নিশাৰ ভিতৰত আইফেল টাৱাৰৰ তলত বিচ ভলীবলৰ বাবে বিচ তৈয়াৰ কৰিছিল।

আছিল সংগীতৰ ব্যৱস্থা। নিশা মায়াময় হৈ পৰা আইফেল টাৱাৰৰ তলত এফালে চলি আছিল বিচ ভলীবলৰ প্ৰতিযোগিতা আনফালে সংগীত, নৃত্যত মতলীয়া হৈ পৰিছিল ক্ৰীড়া অনুৰাগী আৰু খেলুৱৈ। ক্ৰীড়া, সংস্কৃতি আৰু শিল্পৰ কি যে এক বৰ্ণময় সংমিশ্ৰণ।

আৰ্নেষ্ট হেমিংৱেই লিখি গৈছে-'পেৰিছ এক চলমান মহোৎসৱৰ নাম'। সেয়াই যেন সত্য। ১৬ দিনীয়া অলিম্পিকৰ এই সময়খিনিত তাৰেই প্ৰমাণ পালে বিশ্ববাসীয়ে।

পেৰিছৰ আন এক ঐতিহাসিক ক্ষেত্ৰ প্লেচ ডেলা কনকৰ্ডত হৈছিল স্কেটবৰ্ডিং। প্ৰতিদিনে ইয়াত ৩০ ৰ পৰা ৪০ হাজাৰ দৰ্শকৰে ভৰি পৰিছিল। প্লেচ ডেলা কনকৰ্ডৰো আছে ইতিহাস।

কাঁচৰ ছাদৰ বাবে বিখ্যাত গ্ৰেণ্ড পেলেচ। এই পেলচ পেৰিছৰ অন্যতম বিখ্যাত পৰ্যটনৰ স্থলী। ইয়ালৈ প্ৰতিদিনে বিশ্বৰ অগণন পৰ্যটক আহে। এই স্থানতেই হৈছিল অলিম্পিকৰ ফেন্সিং প্ৰতিযোগিতা।

ছাইক্লিং প্ৰতিযোগিতা আৰম্ভ হৈছিল মমাৰ্টত। এই মৰ্মাট ফৰাচী কবি, লেখক, শিল্পীৰ ইতিহাসেৰে সমৃদ্ধ। এই প্ৰতিযোগীসকলে লুভৰ মিউজিয়ামৰ কাষেৰে লক্ষ্যস্থান অভিমুখে যাত্ৰা কৰিছিল।

এই মিউজিয়ামতেই ৰহস্যঘন হাঁহিৰে এতিয়াও বিশ্ববাসীক মুগ্ধ কৰি আহিছে মনালিছাই। এই মিউজয়ামতেই আছে বিশ্বৰ অনেক প্ৰসিদ্ধ চিত্ৰশিল্পীৰ চিত্ৰ।

এইবাৰৰ পেৰিছ অলিম্পিকো আছিল ভিন্সি বা পিয়েৰ অগস্তৰ এখন চিত্ৰৰ দৰেই। অপূৰ্ব সৌন্দৰ্য আৰু কলাৰ নিদৰ্শন। আইফেল টাৱাৰৰ আশে পাশেই দৌৰিছিল মাৰাথান প্ৰতিযোগীসকলে।

নিশা পেৰিছৰ ৰাজপথত ভিৰ কৰিছিল জনতাই। উদ্দেশ্য আছিল মাৰাথান দৌৰত অংশলোৱা পুৰুষ-মহিলা উভয় প্ৰতিযোগীক উৎসাহিত কৰা। দেশ, দেহৰ ৰং অথবা যাত-পাতৰ কোনো কথা নাই। সকলোৱে সকলোকে উৎসাহ দিছিল। শ্ৰেষ্ঠ খেলুৱৈক যিদৰে সন্মানিত কৰিছিল সেইদৰেই পৰাজিত খেলুৱৈকো ফৰাচীলোকসকলে পৰৱৰ্তী প্ৰতিযোগিতালৈ দিছিল শুভেচ্ছা।

নেপোলিয় বোনাপাৰ্টক যি স্থানত কবৰ দিয়া হৈছিল তাতেই এইবাৰ ভাৰতৰ এটা পদকৰ আশাও সমাধিস্থ হ'ল। ছেন নদীৰ পাৰত থকা এই স্থানতে হৈছিল আৰ্চাৰীৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাতে আমাৰ দীপিকা কুমাৰীয়ে আশা দেখুৱায়ো শেষ মুহূৰ্তত পদক বঞ্চিত হৈছিল। স্বপ্ন ভংগ হৈছিল ভাৰতবাসীৰ।

আমাৰ লাভালনীও কোৱাৰ্টাৰ ফাইনেলতেই স্তব্ধ হ'ল। অলিম্পিকৰ স্বৰ্ণ জয়ৰ লাভলীনাৰ সপোন, অসমবাসীৰ আশা ইয়াতো এইবাৰলৈ নিৰ্বাপিত হ'ল।

কেৱল ইয়াতেই নহয় এইবাৰ পেৰিছৰ এই বৰ্ণময় আয়োজনৰ মাজত লিপিবদ্ধ হ'ল ভাৰতৰ স্বপ্ন ভংগৰ ইতিহাস, বঞ্চনাৰ ইতিহাস। এই বঞ্চনাৰে বলি হ'ল বিনেশ ফোগাট।মল্লযুঁজত ১০০ গ্ৰাম ওজন বৃদ্ধিৰ বাবেই ফাইনেলত প্ৰৱেশ কৰিও বঞ্চিত হ'ল বিনেশ ফোগাট।

হয়তো বিনেশৰ জৰিয়তেই ভাৰতে পালে হয় এইবাৰ এটা সোণৰ পদক। এতিয়া সোণৰ পদক বহু দূৰৰ কথা। ৰূপৰ পদকৰ বাবেও যুঁজিব লগীয়া হৈছে আন্তৰ্জাতিক ক্ৰীড়া আদালতত। বিনেশৰ লগত যি হ'ল তাৰ বাবে দোষী কোন? এই প্ৰশ্নৰ এতিয়াও উত্তৰ পোৱা নাই। কিন্তু এই উত্তৰ বিচাৰিছে দেশবাসীয়ে। এই উত্তৰ দিব লাগিব সংশ্লিষ্টসকলে।

দীপিকাৰ দৰেই দেশবাসীক আশা দেখুৱায়ো লক্ষ্য সেনে লাভ নকৰিলে পদক। নীৰজ চোপ্ৰাৰ পৰা আহিল ৰূপ। ভাৰতৰ বাবে এইবাৰ অলিম্পিকৰ তাৰকা মনো ভাকেৰ। ইতিহাস ৰচনা কৰি মনুৱে আনিলে দুটাকৈ ব্ৰঞ্জৰ পদক।

মনোৱে এটা ব্যক্তিগত শাখাত আৰু এটা মিক্সড ডাৱলছত সৰৱজোৎ সিঙৰ সৈতে লাভ কৰিলে। শ্বুটাৰ স্বপ্নীল কুশালেও ৫০ মিটাৰ ৰাইফলত ব্ৰঞ্জৰ পদক লাভ কৰিলে। ভাৰতীয় হকী দলটোৱেও ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে ব্ৰঞ্জৰ পদক জয় কৰিলে। অলিম্পিক পদক জয়েৰেই কেৰিয়াৰ সামৰিলে ভাৰতীয় হকী দলৰ কিংৱদন্তী গ’লৰক্ষক পি আৰ সৃজেশে।

মল্লযুঁজেই অলিম্পিকৰ ইতিহাসত ভাৰতক সৰ্বাধিক পদক দিছে। এইবাৰো বঞ্চিত নকৰিলে। ৫৭ কেজি শাখাত ২১ বছৰীয়া অমন ছেৰাৱটে লাভ কৰিলে ব্ৰঞ্জৰ পদক। এইদৰেই ভাৰতে ১ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদকৰ সৈতে মাত্ৰ ৬ টা পদকেৰেই পেৰিছ অভিযান সামৰিলে।

১৭১.৭২ কোটিৰ জনতাৰে ভাৰত এতিয়া বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ। এই ১৭১.৭২ কোটি লোকৰ ৫০ শতাংশই ২৫ বছৰৰ তলৰ আৰু ৬৫ শতাংশই ৩৫ বছৰৰ তলৰ। অৰ্থাৎ ভাৰতৰ সৰ্বাধিক জনসংখ্যাই যুৱ।

তাৰ পাছতো ভাৰতৰ এই প্ৰদৰ্শন। ইয়াৰ বিপৰীতে আমেৰিকাই ৪০ টা সোণ, ৪৪ টা ৰূপ আৰু ৪২ টা ব্ৰঞ্জৰ সৈতে ১২৬ টা পদকেৰে শীৰ্ষ স্থান লাভ কৰিলে। চীনে ৪০ টা সোণ, ২৭ টা ৰূপ আৰু ৯১ টা ব্ৰঞ্জৰ সৈতে মুঠ ৯১ টা পদকেৰে দ্বিতীয় স্থান লাভ কৰিলে।

জাপানে ২০ টা সোণৰ সৈতে মুঠ ৪৫ টা পদক লাভেৰে তৃতীয় স্থান পালে। অষ্ট্ৰেলিয়া ১৮ টা সোণেৰে চতুৰ্থ স্থানত থাকিল। ভাৰত মাত্ৰ ৬ টা পদকেৰে ৭১ সংখ্যক স্থানত থাকিল। পেৰিছত এয়াই আমাৰ প্ৰাপ্তি।

পেৰিছ এতিয়া অতীত। সন্মুখত ২০২৮ ৰ লছ এঞ্জেলেছ। পেৰিছতকৈ সম্পূৰ্ণ এক পৃথক পৰিবেশ, পৃথক ঐতিহ্য। পেৰিছত ক্ৰীড়াৰ সৈতে হৈছিল শিল্প, সংস্কৃতি, ইতিসাহ, ঐতিহ্যৰ বৰ্ণময় সমাহাৰ। লছ এঞ্জেলছত থাকিব কেৱল সংস্কৃতি আৰু খেল। তাতোঁ থাকিব নতুনত্ব। কিন্তু পেৰিছ আছিল একক আৰু অনন্য।