বিনেশ ফোগাটে পাবনে ৰূপৰ পদক? দেওবাৰেহে জনাব আন্তৰ্জাতিক ক্ৰীড়া আদালতে... 
অলিম্পিক, ২০২৪

বিনেশ ফোগাটে পাবনে ৰূপৰ পদক? দেওবাৰেহে জনাব আন্তৰ্জাতিক ক্ৰীড়া আদালতে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিনেশ ফোগাটক পেৰিছ অলিম্পিকৰ মল্লযুঁজৰ ৫০ কেজি শাখাৰ ফাইনেলৰ পূৰ্বে অযোগ্য ঘোষণা কৰা সিদ্ধান্তৰ বিৰুদ্ধে আন্তৰ্জাতিক ক্ৰীড়া আদালতত দাখিল কৰা গোচৰৰ ৰায় শনিবাৰে নিশা ৯-৩০ বজাত দিয়াৰ কথা আছিল যদিও সেই ৰায় স্থগিত ৰখা হৈছে। জানিব পৰা মতে দেওঁবাৰে সন্ধিয়া ৬ বজাতহে এই গোচৰৰ ৰায় প্ৰদান কৰিব।

৫০ কেজি শাখাৰ ফাইনেলৰ পূৰ্বে বিনেশ ফোগাটৰ ওজন ১০০ গ্ৰাম অধিক হোৱাৰ বাবেই তেওঁক প্ৰতিযোগিতাখনত অযোগ্য ঘোষণা কৰা হৈছিল। ইয়াৰ লগে লগে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

তাৰ পাছতেই বিনেশ ফোগাত আন্তৰ্জাতিক ক্ৰীড়া আদালতৰ কাষ চাপিছিল। তেওঁ আদালতত দুখন আবেদন কৰিছিল। ইয়াৰে প্ৰথমখন আদালতত তেওঁক পুনৰ এবাৰ ওজন কৰিবলৈ আবেদন কৰা হৈছিল যদিও সেই আবেদন আদালতে অগ্ৰাহ্য কৰে।

ইয়াৰ পিছতে প্ৰতিযোগিতাখনত তেওঁক ৰূপৰ পদক দিবলৈ আবেদন কৰা হৈছিল। এই আবেদন গ্ৰহণ কৰি শুকুৰবাৰে প্ৰায় ৩ ঘণ্টা ধৰি বিচাৰ চলিছিল। এই বিচাৰ প্ৰক্ৰিয়াত বিনেশ ফোগাটৰ হৈ যুঁজিছিল ফ্ৰান্সৰ চাৰিগৰাকীকৈ আইনজ্ঞই।

তাৰোপৰি ভাৰতীয় অলিম্পিক সংস্থাৰ হৈ হৰিশ ছালভে আৰু বিদুষ্পত সিংঘানিয়াই ভাৰ্ছুৱেলী যোগ দিছিল। বিচাৰ প্ৰক্ৰিয়াত তেওঁলোকে বিনেশ ফোগাটে নিয়ম উলংঘনৰ দৰে কোনা দোষ কৰা নাই বুলি কোৱাৰ লগতে কোনো অসৎ উপায়ো অৱলম্বন কৰা নাছিল বুলিও যুক্তি প্ৰদৰ্শন কৰে।

তেওঁলোকে স্পষ্টকৈ কয় যে, বিনেশ ফোগাটে প্ৰতিযোগিতাৰ সকলো নিয়ম পালন কৰি নিজা প্ৰতিভা আৰু দক্ষতাৰ বলত ফাইনেলত উপনীত হৈছিল। গতিকে তেওঁক কিয় ৰূপৰ পদকৰ পৰাওঁ বঞ্চিত কৰা হ’ব বুলি প্ৰশ্ন উত্থাপন কৰিছিল। তিনি ঘণ্টীয়া বিচাৰ প্ৰক্ৰিয়াত বিনেশ ফোগাটৰ সপক্ষে দিয়া যুক্তি যথেষ্ট সৱল আছিল বুলিও জানিব পৰা গৈছে।

এই ৩ ঘণ্টীয়া বিচাৰৰ অন্তত সকলো পক্ষৰে যুক্তি গ্ৰহণ কৰি, অলিম্পিকৰো নিয়ম সন্মুখত ৰাখি আদালতে গোটেই বিষয়টো পৰ্যালোচনাৰ অন্তত ১০ আগষ্ট, শনিবাৰে নিশা ৰায় দিব বুলি ঘোষণা কৰিছিল। কিন্তু আজি নিৰ্ধাৰিত সময়ত সেই ৰায় প্ৰদান নকৰি দেওবাৰৰ সন্ধিয়া ৬ বজালৈ স্থগিত ৰাখে।

ভাৰতীয় মল্লযুঁজাৰুগৰাকীয়ে প্ৰতিযোগিতাখনৰ ৰূপৰ পদক লাভ কৰিব নে নাই সেয়া এতিয়া আন্তৰ্জাতিক ক্ৰীড়া আদালতৰ ৰায়ৰ ওপৰতেই নিৰ্ভৰ কৰিছে। উল্লেখ্য যে, আন্তৰ্জাতিক ক্ৰীড়া আদালতো এই বিষয়টোত শীঘ্ৰেই শুনানি প্ৰদান কৰাৰ সপক্ষে আছে।

ন্যায়ালয়ৰ প্ৰতিনিধিয়ে এই বিষয়ত শীঘ্ৰেই সিদ্ধান্ত ল’ব বুলি জনাইছিল। যিহেতু ১১ আগষ্টত অলিম্পিক অন্ত পৰিব সেয়া তাৰ পূৰ্বেই শুনানি দিয়াৰ সপক্ষে আছিল ন্যায়ালয়।

যদিও নিৰ্ধাৰিত সময়ত শুনানি প্ৰদান কৰা নহ’ল তথাপিও দেওবাৰে বিনেশ ফোগাটৰ ফালেই সিদ্ধান্ত আহিব পাৰে বুলি চৰ্চা আৰম্ভ হৈছে। সকলো ঠিকেই থাকিলে অলিম্পিকৰ অন্তিম দিনটোৰ অন্তিম সময়ত বিনেশ ফোগাটৰ লগতে ভাৰতে এক ভাল খবৰ লাভ কৰিব।

যিহেতু প্ৰতিযোগিতাৰ আৰম্ভণিৰ পৰা ছেমি ফাইনেল পৰ্যন্ত বিনেশ ফোগাটৰ ওজন নিৰ্ধাৰিত ৫০ কেজিৰ ভিতৰতে আছিল গতিকে ইয়াত কোনো অনিয়ম হোৱা নাই বুলিয়েই দাবী কৰিছে। পিছে বিনেশৰ সন্দৰ্ভত আদালতত দিয়া যুক্তি মানি ল’ব বিচৰা নাই বিশ্ব মল্লযুঁজ সংস্থা আৰু অন্তৰ্জাতিক অলিম্পিক সংস্থাই। সেয়েহে এতিয়া আদালতৰ ৰায় বিনেশ ফোগাটৰ সপক্ষে নে বিৰুদ্ধে আহে সেয়া জানিবলৈ দেওবাৰলৈ অপেক্ষা কৰিব লাগিব।