ক্রীড়া-জগত

হাতত বিশ্বকাপ ট্ৰফী লৈ স্বদেশত উপস্থিত টীম ইণ্ডিয়া : পঢ়ক সবিশেষ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : হাতত টি-২০ বিশ্বকাপ ট্ৰফীলৈ বৃহস্পতিবাৰে পুৱাই স্বদেশত উপস্থিত হৈছে বিশ্ব চেম্পিয়ন টীম ইণ্ডিয়া। এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানৰে আজি পুৱা দিল্লী বিমান বন্দৰত উপস্থিত হয় বিশ্বকাপজয়ী ভাৰতীয় ক্ৰিকেট দল

বিমান বন্দৰত টীম ইণ্ডিয়াৰ খেলুৱৈসকলক উষ্ম আদৰণি জনাই পোনে পোনে হোটেললৈ নিয়া হয়। তাত কিছু সময় বিশ্ৰাম কৰি ১১-০০ বজাত তেঁওলোক যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহলৈ।

হাতত বিশ্বকাপ ট্ৰফীলৈ টীম ইণ্ডিয়াৰ খেলুৱৈসকলে দিল্লীৰ বাসগৃহত প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিব। এই কাৰ্যসূচী সম্পন্ন কৰিয়েই দিনৰ ২-০০ বজাত দিল্লীৰ পৰা উৰা মাৰিব মুম্বাই অভিমুখে।

বিয়লি ৪-০০ বজাত মুম্বাইত অৱতৰণ কৰাৰ পাছতে হোটেললৈ আদৰি নিয়া হ’ব খেলুৱৈসকলক। হোটেলত কিছু সময় বিশ্ৰাম কৰি খেলুৱৈসকল সাজু হ’ব বিশ্বকাপ জয়ৰ মূল অনুষ্ঠানৰ বাবে।  

উল্লেখযোগ্য যে বি চি চি আয়ে মুম্বাইত আয়োজন কৰিছে বিশ্বকাপ জয়ৰ কেতবোৰ কাৰ্যসূচী। এই কাৰ্যসূচী অনুসৰি সন্ধিয়া ৫-০০ বজাত নাৰিমনৰ পৰা খোলা বাছেৰে ৱাংখাড়ে ষ্টেডিয়ামলৈ ২ কিলো মিটাৰজোৰা বিজয়যাত্ৰাত ভাগ ল’ব খেলুৱৈসকলে। ইতিমধ্যে বিজয় যাত্ৰাত ৰোহিত বাহিনীক আদৰিবলৈ সাজু হৈছে অগণন জনতা।

এই কাৰ্যসূচী সামৰি উঠাৰ পাছতে বি চি চি আই কৰ্তৃপক্ষই টীম ইণ্ডিয়াৰ হাতত অৰ্পণ কৰিব ১২৫ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ। বিপৰীতে ৰোহিত শৰ্মাই সন্ধিয়া ৭-০০ বজাত ব’ৰ্ডৰ সচিব জয় শ্বাহৰ হাতত তুলি দিব বিশ্বকাপৰ ট্ৰফী।

এক সূত্ৰত লাভ কৰা খবৰ অনুসৰি বিশ্বকাপ জয়ৰ মূল কাৰ্যসূচীৰ অন্ত পৰাৰ পাছতে খেলুৱৈসকলক নিজ নিজ বাসগৃহলৈ ৰাওনা হোৱাৰ কথা।