প্ৰধানমন্ত্ৰী মোডীৰে কি কথা পাতিলে ভাৰতীয় ক্ৰিকেট দলে?  
ক্রীড়া-জগত

প্ৰধানমন্ত্ৰী মোডীৰে কি কথা পাতিলে ভাৰতীয় ক্ৰিকেট দলে?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ টি-২০ ক্ৰিকেট বিশ্বকাপ জয় কৰি আজি স্বদেশত উপস্থিত হ’লহি ভাৰতীয় দলটো। বাৰ্বাডোছৰ পৰা বিমানৰ জৰিয়তে পোনে পোনে আহি দিল্লীত অৱতৰণ কৰা ভাৰতীয় দলটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।

দিল্লীত প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাকে ধৰি প্ৰতিজন সদস্যৰ লগতে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, সহকাৰী প্ৰশিক্ষকসকলৰ উপৰিও বি চি চি আইৰ কৰ্তৃপক্ষই প্ৰায় এঘণ্টাৰো অধিক সময় অতিবাহিত কৰে।

এই সময়ত মোডীয়ে প্ৰতিজন ক্ৰিকেটাৰৰ সৈতে মত বিনিময় কৰ। এই সাক্ষাতৰ সময়তে বি চি চি আইৰ ফালৰ পৰা সভাপতি ৰজাৰ বিন্নী আৰু সচিব জয় শ্বাহে প্ৰধানমন্ত্ৰী মোডীক এটা জাৰ্ছি উপহাৰ দিয়ে। মোডীক দিয়া জাৰ্ছিৰ নম্বৰ ১ আৰু পিঠিত লিখা আছে NAMO।

টি-২০ বিশ্বকাপখন ২৯ জুনতে অন্ত পৰিল যদিও সাগৰীয় ঘূৰ্ণি বতাহৰ বাবে বৃহস্পতিবাৰে পুৱাহে ভাৰতীয় দলটো দিল্লীত আহি উপস্থিত হৈছেহি। পুৱতি নিশা দিল্লীত উপস্থিত হোৱা ভাৰতীয় দলটোৱে কিছু সময় হোটেলত জিৰণী লোৱাৰ পিছত পুৱা ১০-৩০ বজাত প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিবলৈ যায়।

নতুন দিল্লীৰ ৭ লোক কল্যাণ মাৰ্গত থকা প্ৰধানমন্ত্ৰীৰ আৱাসত দলটোৱে মোডীক সাক্ষাৎ কৰে আৰু কিছু সময় মত বিনিময় কৰে। ইয়াতেই বিশ্বকাপৰ ট্ৰফীৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰে ফটো উঠাৰ পিছত দিনৰ ১ বজাত দিল্লী বিমান বন্দৰৰ পৰা মুম্বাই অভিমুখে উৰা মাৰে ভাৰতীয় দলটো।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতীয় ক্ৰিকেটাৰসকলৰ মুখৰ পৰা পৰা বিশ্বকাপ অভিযান আৰম্ভণিৰ পৰা শেষলৈ বিস্তাৰিতভাৱে সকলো দিশ শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰোপৰি তেওঁ গোটেই বিশ্বকাপত ভাৰতীয় দলটোৱে দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিত কেইবাটাও কেচ, শ্বটৰ কথা উল্লেখ কৰে।

কোনজন ক্ৰিকেটাৰে কি শ্বট ভালকৈ খেলে সেই বিষয়েও তেওঁ জানে বুলিও জনায়। কেৰিবিয়ান পিটছত বাউঞ্চাৰক কিদৰে প্ৰত্যাহ্বান জনাইছিল সেই বিষয়েও তেওঁ উৎসুকতা প্ৰদৰ্শন কৰে। শেষত মোডীয়ে আগন্তুক সময়ত আৰু ভাল প্ৰদৰ্শন তথা দেশক গৌৰৱাম্বিত কৰিব পৰাকৈ খেলিবলৈ সকলোকে শুভেচ্ছা জনায়।