ক্রীড়া-জগত

আৰ প্ৰজ্ঞানন্দৰ হাতত পৰাস্ত বিশ্বৰ শীৰ্ষ দবা খেলুৱৈ মেগনাছ কাৰ্লছেন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অপ্ৰতিৰোধ্য হৈ পৰিছে বিশ্ব দবাৰ নৱতম চাঞ্চল্য তথা ভাৰতীয় গ্ৰেণ্ড মাষ্টাৰ আৰ প্ৰজ্ঞানন্দ। নৰৱেত চলি থকা ক্লাছিক দবা প্ৰতিযোগিতাত প্ৰজ্ঞানন্দই পৰাস্ত কৰিলে বিশ্বৰ ১ নং স্থানৰ দবা খেলুৱৈ মেগনাছ কাৰ্লছেনক।

প্ৰতিযোগিতাখনত প্ৰজ্ঞানন্দই তিনি ৰাউণ্ডৰ অন্তত ৫.৫ পইণ্টৰ সৈতে শীৰ্ষ স্থানত আছে। আনহাতে বগা ৰঙৰ সৈতে খেলি থকা প্ৰজ্ঞানন্দই এই জয়ৰ সৈতে কাৰ্লচেনটেলীৰ পঞ্চম স্থানত উপনীত হৈছে।

১৮ বছৰীয়া ভাৰতীয় এই দবা খেলুৱৈগৰাকীয়ে কাৰ্লচেনক ইয়াৰ পূৰ্বেও পৰাজিত কৰিছে। কিন্তু প্ৰথম বাৰৰ বাবে তেওঁ কাৰ্লচেনক ক্লাছিক দবাত পৰাস্ত কৰিবলৈ সক্ষম হৈছে। ক্লাছিক দবাত খেলুৱৈসকলে অধিক সময় লয়।