ক্রীড়া-জগত

ছাউথ পইণ্ট স্কুল, নেহৰু ষ্টেডিয়াম আৰু চিটি চেণ্টাৰ মলৰ পৰা অফলাইনযোগে সংগ্ৰহ কৰিব পাৰিব টিকট

Asomiya Pratidin

ডিজিটেল ডেস্ক : বুকমাই শ্ব’ অনলাইন মাধ্যমৰ পাছত ক্ৰিকেট অনুৰাগীৰ সুবিধাৰ্থে অফলাইনযোগে টিকট সংগ্ৰহৰ ব্যৱস্থা কৰিছে ৰাজস্থান ৰয়েলছে। দলটোৰ দ্বিতীয় গৃহ চহৰ গুৱাহাটীত অনুষ্ঠিতব্য দুয়োখন মেচৰ টিকটৰ বাবে একাধিক কাউণ্টাৰ মুকলি কৰা হৈছে।

ৰিয়ান পৰাগে একালত অধ্যয়ন কৰা ছাউথ পইণ্ট স্কুলৰ উপৰি নেহৰু ষ্টেডিয়াম আৰু চিটি চেণ্টাৰ মলত অফলাইনযোগে ক্ৰিকেট অনুৰাগীয়ে টিকটসমূহ ক্ৰয় কৰিব পাৰিব বুলি ৰয়েলছৰ বিভাগীয় সূত্ৰই জানিবলৈ দিয়ে। ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰেহাই মূল্যত বিশেষ টিকটৰ ব্যৱস্থা কৰা হৈছে।

৫০০টকা ৰেহাই মূল্যত ছাত্ৰ-ছাত্ৰীসকলে বিশেষ টিকট ক্ৰয় কৰিব পাৰিব। বৰ্ষাপাৰাৰ গাতে লাগি থকা ছাউথ পইণ্ট স্কুলৰ টিকট কাউণ্টাৰ ১৯মে’ৰ নিশা ৮-০০বজাপৰ্যন্ত খোলা থাকিব।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে অহা ১৫ মে’ আৰু ১৯মে’ত বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত ক্ৰমে পাঞ্জাৱ কিংছ আৰু কলকাতাৰ বিৰুদ্ধে খেলিব ৰয়েলছে। অহা ১৩মে’ত গুৱাহাটীত উপস্থিত হ’ব ৰাজস্থান ৰয়েলছ।