ক্রীড়া-জগত

ৰঞ্জী ক্ৰিকেটৰ ইতিহাসত নতুন ৰেকৰ্ডঃ ১০ আৰু ১১ নম্বৰ বেটছমেনৰ শতক অৰ্জন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰঞ্জী ক্ৰিকেটৰ ৭৮ বছৰীয়া ইতিহাসত লিখিত হ'ল নতুন ৰেকৰ্ড। অন্তিম উইকেটত দুই বেটছমেনৰ বেটৰ পৰা আহিল শতকীয় ইনিংছ। ১০ আৰু ১১ নম্বৰত বেটিং কৰি দুই ক্ৰিকেটাৰে খেলিলে ১২৯ আৰু ১২০ ৰাণৰ শতকীয় ইনিংছ।

ক্ৰিকেটৰ ইতিহাসত এনে ঘটনা প্ৰায় বিৰল। মুম্বাই আৰু বৰোডাৰ মাজত ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেল মেচখনত মুম্বাইৰ দুই বেটছমেন টনুষ কটিয়ান আৰু তুষাৰ দেশপাণ্ডেই শতক অৰ্জন কৰি গঢ়িলে এই অনন্য ইতিহাস।

মুম্বাইৰ বি কে চি খেল পথাৰত বৰোদাৰ বিৰুদ্ধে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল খেলত এই সাফল্য অর্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ১৯৪৬ চনত অ’ভেলত ছাৰীৰ বিৰুদ্ধে অনুষ্ঠিত খেলত ভাৰতৰ হৈ চাণ্ডু ছাৰৱাটে আৰু শ্বুটে বেনাৰ্জীয়ে প্ৰথমবাৰৰ বাবে এই কৃতিত্ব অর্জন কৰিছিল।

মুম্বাইৰ হৈ দ্বিতীয় ইনিংছত ৯ উইকেটৰ বিনিময়ত সংগৃহীত ৩৩৭ ৰাণৰ পৰা খেলিবলৈ লৈ কটিয়ান ১২০ ৰাণত অপৰাজিত হৈ থকাৰ বিপৰীতে দেশপাণ্ডেই ১২৩ ৰাণ সংগ্ৰহ কৰে।

উল্লেখ্য যে, আজিংক্য ৰাহানেৰ অধিনায়কত্বত মুম্বাই দলটোৱে প্ৰথম ইনিংছত ৩৮৪ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পিছত বৰোদাই বেটিং কৰি ৩৪৮ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পিছত দ্বিতীয় ইনিংছত মুম্বাইয়ে আটাইকেইটা উইকেট হেৰুৱাই ৫৬৯ ৰাণ সংগ্ৰহ কৰে।

এই দ্বিতীয় ইনিংছতে টনুষ কটিয়ানে ১০ নম্বৰত বেটিং কৰি ১২৯ ৰাণ সংগ্ৰহ কৰে। তেওঁৰ ইনিংছত আছিল ১০ টা বাউণ্ডেৰী আৰু ৪ টা অভাৰ বাউণ্ডেৰী। ১১ নম্বৰত বেটিং কৰি তুষাৰ দেশপাণ্ডেয়ে সংগ্ৰহ কৰে ১২০ ৰাণ। তেওঁ শতকীয় ইনিংছটো সজাই ১০ টা বাউণ্ডেৰী আৰু ৮ টা অভাৰ বাউণ্ডেৰীৰে।