এদিনীয়া ক্ৰিকেট বিশ্বকাপ জয় বাওঁহাতৰ খেল ! 
ক্রীড়া-জগত

এদিনীয়া ক্ৰিকেট বিশ্বকাপ জয় বাওঁহাতৰ খেল !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চলিত বছৰৰ অক্টোবৰৰ পৰা নৱেম্বৰলৈ ভাৰতৰ মাটিত অনুষ্ঠিত হ’ব এদিনীয়া ক্ৰিকেট বিশ্বকাপ। এই ক্ৰিকেট বিশ্বকাপৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে।

ঘৰৰ মাটিত অনুষ্ঠিত হ'বলগীয়া এই ক্ৰিকেট বিশ্বকাপ দখল কৰিবলৈ ভাৰতীয় দলটোক সাজু কৰা হৈছে। অৱশ্যে ভাৰতীয় দলটোৰ প্ৰদৰ্শনৰ ওপৰতহে নিৰ্ভৰ কৰিব পুনৰ ভাৰতলৈ বিশ্বকাপৰ ট্ৰফী আহিব নে, আকৌ ভাৰতীয় ক্ৰিকেট অনুৰাগী বিমুখ হ’ব লাগিব।

ক্ৰিকেট বিশ্বকাপ হৈছে বাওঁহাতৰ খেল। ক্ৰিকেট বিশ্বকাপৰ খিতাপ জয় কৰাটো বাওঁহাতৰ কথা। এই কথা আমি কোৱা নাই। এই কথা কৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষিক তথা প্ৰাক্তন ক্ৰিকেটাৰ ৰবি শাস্ত্ৰিয়ে।

তেওঁৰ মতে এদিনীয়া ক্ৰিকেট বিশ্বকাপ বাওঁহাতৰ খেল। ২০১১ৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোলৈ লক্ষ্য কৰিলে সেই কথাই প্ৰমাণ হয়। কেৱল ২০১১ ৰ বিশ্বকাপেই নহয়, ক্ৰিকেট ইতিহাসেও এই কথাই কয় বুলি উল্লেখ কৰিছে ৰবি শাস্ত্ৰিয়ে।

তেওঁৰ মতে বিশ্বকাপ জয় কৰাত বাওঁহতীয়া বেটছমেনৰ গুৰুত্ব অপৰিসীম। শাস্ত্ৰিয়ে কয়, দলৰ ভাৰাসাম্য ৰক্ষা কৰাটোৱেই আচল কথা। অপেনিং যুটিত বাওঁহতীয়া বেটছমেন থাকিব লাগিব বুলি কোনো কথা নাই। কিন্তু তিনি-চাৰি নম্বৰত বাওঁহাতৰ বেটছমেন থকাটো দৰকাৰ।

তেওঁ কয়, মোৰ মতে টপ ছিক্সত দুজন অন্তত বাওঁহতীয়া বেটছমেন থকাটো দৰকাৰ। ২০১১ চনৰ বিশ্বকাপ বিজয়ী দলটোত ৩ জন বাওঁহতীয়া বেটছমেন আছিল। যেতিয়াই কোনো বিশ্বকাপত এটা দল চেম্পিয়ন হৈছে সেই খিতাপ অৰ্জনত বাওঁহাতৰ বেটছমেনৰ অৱদান আছে।

২০১১ চনত গৌতম গম্ভীৰ, যুৱৰাজ সিং আৰু সুৰেশ ৰাইনা আছিল। ১৯৭৫ চনৰ বিশ্বকাপত কালিচৰণ, ৰয় ফেডৰিক্স আৰু ক্লাইভ লয়েড আছিল। ১৯৭৯ চনতো একেই অৱস্থা আছিল।

অৱশ্যে ১৯৮৩ চনৰ বিশ্বজয়ী ভাৰতীয় দলটোত বাওঁহতীয়া বেটছমেন নাছিল।সেইবাৰৰ বিশ্বকাপ আছিল সকলো ফালৰ পৰা ব্যতিক্ৰম। ১৯৮৭ চনত বিশ্বকাপ জয়ী অষ্ট্ৰেলিয়া দলটোত আছিল একাধিক বাওঁহতীয়া বেটছমেন।

১৯৯৬ চ শ্ৰীলংকাই প্ৰমাণ কৰিছিল বাওঁহতীয়া বেটছমেনৰ গুৰুত্ব কিমান। জয়সূৰ্য, গুৰুসিনহা, ৰণতুংগা আছিল এই দলটোত। ইংলেণ্ড দলটোত এতিয়াও কেইবাজনো বাওঁহতীয়া বেটছমেন আছে।

ৰবি শাস্ত্ৰিৰ এই মন্তব্যই অৱশ্যে গুৰুত্ব নথকা নহয়। কিন্তু ভাৰতীয় ক্ৰিকেট দলৰ এতিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে এই কথাক গুৰুত্ব দিবনে?মূল একাদশত বাওঁহতীয়া কেইজন বেটছমেনক স্থান দিব? সেয়া অৱশ্যে সময়েহে ক’ব।

কিন্তু পৰীক্ষামূলক ভাৱে ৰবি শাস্ত্ৰিৰ এই পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে এতিয়াও কিছু সময় হাতত পাব।