ঋষভ পণ্টক নিলম্বনঃ বিহিলে ৩০ লাখ টকাৰ জৰিমণাও... 
ক্রীড়া-জগত

ঋষভ পণ্টক নিলম্বনঃ বিহিলে ৩০ লাখ টকাৰ জৰিমণাও...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দিল্লী কেপিটেলছৰ শিবিৰত মোক্ষম আঘাত। দেওবাৰে আৰ চি বিৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনত দলত নাথাকিব অধিনায়ক ঋষভ পণ্ট। ফলত অতি গুৰুত্বপূৰ্ণ মেচখনক লৈ চিন্তা বাঢ়িছে দিল্লীৰ।

উল্লেখ্য যে, আই পি এল কৰ্তৃপক্ষই দিল্লীৰ অধিনায়ক ঋষভ পণ্টক এখন মেচৰ পৰা নিলম্বন কৰিছে। ইয়াৰোপৰি তেওঁক ৩০ লাখ টকাৰ জৰিমণাও বিহিছে। এনে পৰিস্থিতিত পণ্টবিহীন দিল্লীয়ে আৰ চি বিৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনত কিদৰে প্ৰদৰ্শন কৰিব বা প্লে’ অফত প্ৰৱেশৰ বাট মুকলি কৰি ৰাখিব পাৰিবনে নাই তাক লৈ চিন্তিত হৈ পৰিছে।

মনকৰিবলগীয়া যে ৭ মে’ত দিল্লীয়ে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিছিল এখন মেচ। এই মেচখনতে মন্থৰ অভাৰেটৰ বাবে দিল্লীৰ উইকেটকীপাৰ বেটছমেনজনক নিলম্বন কৰা হৈছে। আই পি এলৰ কৰ্তৃপক্ষই জাৰি কৰা এক বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি পণ্টক কোড অফ কনডাক্ট উলংঘন কৰাৰ বাবে এই শাস্তি প্ৰদান কৰা হৈছে। মন্থৰ আভাৰ ৰেটৰ বাবে আৰ্থিক জৰিমণাৰ লগতে এখন মেচৰ পৰা নিলম্বন কৰা হৈছে।

উল্লেখ্য যে, চলিত আই পি এলত দিল্লী কেপিটেলছৰ শ্লো অভাৰ ৰেটৰ এয়া তৃতীয় অপৰাধ। আই পি এলৰ নিয়মানুসৰি মন্থৰ অভাৰ ৰেটৰ বাবে প্ৰথমবাৰৰ বাবে দোষী সাব্যস্ত হ’লে অধিনায়কক ১২ লাখ টকাৰ জৰিমণা বিহা হয়। দ্বিতীয়বাৰ একেই অপৰাধ কৰিলে ২৪ লাখ আৰু তৃতীয়বাৰো অনুৰূপ অপৰাধ কৰিলে ৩০ লাখ টকাৰ জৰিমণা বিহাৰ লগতে এখন মেচৰ পৰা নিলম্বন কৰা হয়। তৃতীয়বাৰ এনে কৰিলে কেৱল অধিনায়ককে নহয় দলৰ প্ৰতিজন সদস্যকে ১২ লাখকৈ অথবা ৫০ শতাংশ মেচ ফী কৰ্তন কৰা হয়।

চলিত আই পি এলত প্লে’ অফত প্ৰৱেশৰ বাট এতিয়াও মুকলি হৈ আছে দিল্লী কেপিটেলছৰ। পইণ্ট তালিকাত দলটো আছে ৫ নম্বৰত। হাতত আছে অৱশিষ্ট দুখন মেচ। দুয়োখন মেচত যদিহে বিজয় সাব্যস্ত কৰে তেন্তে পইণ্ট তালিকাত তেওঁলোকৰ পইণ্ট হ’বগৈ ১৬। সেয়ে আগন্তুক আৰ চি বিৰ সৈতে অনুষ্ঠিত হ’বলগীয়া মেচখনত ঋষভ পণ্টক নিলম্বন কৰাত এতিয়া চিন্তিত হৈ পৰিছে দিল্লী।