জিম্বাৱেৰ বিৰুদ্ধে চূড়ান্ত ব্যৰ্থ ৰিয়ান, ৰিংকু, ৰুটু, অভিষেক, জুৰেল...  
ক্রীড়া-জগত

জিম্বাৱেৰ বিৰুদ্ধে চূড়ান্ত ব্যৰ্থ ৰিয়ান, ৰিংকু, ৰুটু, অভিষেক, জুৰেল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আত্মপ্ৰকাশৰ মেচ সুখৰ নহ'ল ৰিয়ান পৰাগৰ। জিম্বাৱেৰ বিৰুদ্ধে ৫ খন এদিনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ৰিয়ানে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ভাৰতীয় জাৰ্ছিত খেল পথাৰত নামি মাত্ৰ ২ ৰাণতে পেভিলিয়নমুখী হয়। ৰিয়ানৰ এনে প্ৰদৰ্শনত স্বাভাৱিকতে আশাহত হ'ল অসমৰ ক্ৰিকেট অনুৰাগী।

ৰিয়ানৰ দৰেই আত্মপ্ৰকাশৰ মেচৰ অভিজ্ঞতা সুখৰ নহ’ল অভিষেক শৰ্মাৰো। সদ্য সমাপ্ত আই পি এলত মাৰমুখী বেটিঙেৰে ক্ৰিকেট বিশ্বত চৰ্চিত হৈ পৰী অভিষেক শৰ্মাই আজিৰ মেচত ৪ টা বলৰ মুখামুখী হৈ এটাও ৰাণ নকৰিলে।

উইকেটকীপাৰ বেটছমেন হিচাপে টি-২০ ত আত্মপ্ৰকাশ কৰা ধ্ৰুৱ জুৰেলৰ বেটৰ পৰা আহে মাত্ৰ ৬ ৰাণ। এই ৬ ৰাণৰ বাবে তেওঁ খেলে ১৪ টা বল। একেদৰেই টি-২০ বিশ্বকাপত খেলাৰ সুযোগ নোপোৱাৰ বেজাৰত থকা ৰিংকু সিঙো চূড়ান্তৰূপত ব্যৰ্থ হয়।ৰিংকুৱে দুটা বল খেলি এটাও ৰাণ নকৰাকৈ পেভিলিয়নমুখী হয়।

একেদৰেই ব্যৰ্থ হয় ৰুটুৰাজ গাইকোৱাড, ৰবি বিষ্ণয় আদি। মেচখনত টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় অধিনায়ক শুভমণ গীলে। প্ৰথমে বেটিং কৰিবলৈ আহি ঘৰুৱা দলটোৱে বেটিং বিপৰ্যয়ৰ সন্মুখীন হৈ ৯ উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ ১১৫ ৰাণ কৰে।

সহজ যেন লগা এই লক্ষ্য সহজেই ভাৰতীয় দলটোৱে অতিক্ৰম কৰিবলৈ সক্ষম হ'ব বুলি ধাৰণা কৰা হৈছিল যদিও ভাৰতীয় দলটোও বেটিং বিপৰ্যয় সন্মুখীন হয়। ফলশ্ৰুতিত ১৯.৫ অভাৰত ভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১০২ ৰাণহে সংগ্ৰহ কৰে।

ভাৰতীয় দলটোৰ হৈ অধিনায়ক শুভমণ গীলে সৰ্বাধিক ২৯ বলত ৩১ ৰাণ, ৱাশ্বিংটন সুন্দৰে ৩৪ বলত ২৭ ৰাণ আৰু আৱেশ খানে ১২ বলত ১৬ ৰাণ কৰে।