ক্রীড়া-জগত

শ্ৰীলংকা অভিমুখী ভাৰত 'এ' দলত ৰিয়ান পৰাগ

Asomiya Pratidin

ডিজিটেল ডেস্ক : অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে সুখবৰ। সোমবাৰে ভাৰতীয় জাতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে অসম কন্যা উমা ছেত্ৰীয়ে।

এনে আনন্দৰ মূহুৰ্ততে আন এক খবৰে ৰাজ্যবাসীৰ বাবে আনন্দৰ বতৰা কঢ়িয়াই আনিছে। সেয়া হৈছে ভাৰত 'এ' দলত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে। মঙলবাৰে বিয়লি বি চি চি আয়ে ঘোষণা কৰিছে শ্ৰীলংকা অভিমুখী ভাৰত 'এ' দলটো।

অহা ১৩ জুলাইৰ পৰা শ্ৰীলংকাত অনুষ্ঠিত হ'ব এছিয়া কাপ ২৩। বি চি চি আইৰ দ্বাৰা ঘোষিত ভাৰত 'এ' দলটোক নেতৃত্ব প্ৰদান কৰিব যশ ধুলে। এই দলটোতেই স্থান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰতিভাৱান খেলুৱৈ তথা অসম সন্তান ৰিয়ান পৰাগ।

২৩ জুলাইলৈকে চলিব লগা উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব এছিয়া মহাদেশৰ অন্তৰ্গত ৮খন দেশে।