ক্রীড়া-জগত

বৰ্ষাপাৰাত ৰাজকীয় ইনিংছ ৰিয়ান পৰাগৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিমুখ নকৰিলে ৰিয়ান পৰাগে। দৃষ্টিনন্দন এক ৰাজকীয় ইনিংছেৰে বৰ্ষাপাৰাত ক্ৰিকেটপ্ৰেমীৰ হৃদয় জিনিলে ৰিয়ান পৰাগে।

যিসময়ত পাঞ্জাৱ কিংছৰ বলাৰসকলে ৰাজস্থান ৰয়েলছৰ বেটছমেনসকলক পেভিলিয়নৰ বাট দেখুৱাই দিছিল, সেই সময়ত নিজক স্থিতপ্ৰজ্ঞৰ দৰে যুঁজ দিছিল ৰিয়ান পৰাগে। অৱশ্যে অৰ্ধশতক বঞ্চিত হ'লেও তেঁওৰ এই প্ৰদৰ্শনে আমোদ দিয়ে দৰ্শকক।

তাৰ পূৰ্বে পৰাগৰ এই ইনিংছৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়ামত অপেক্ষা কৰিছিল তেঁওৰ গুণমুগ্ধই। ৰিয়ান পৰাগে এই ৪৮ৰ ৰাজকীয় ইনিংছটো সজাই৬চাৰিৰে।ইয়াৰ বাবে তেঁও ৩৪টা বলৰ সন্মুখীন হ'ব লগা হৈছিল।