এছিয়ান টাইকোৱাণ্ড চেম্পিয়নশ্বিপত ৰ'দালীৰ ব্ৰঞ্জৰ পদক... 
ক্রীড়া-জগত

এছিয়ান টাইকোৱাণ্ড চেম্পিয়নশ্বিপত ৰ'দালীৰ ব্ৰঞ্জৰ পদক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভিয়েটনামত অনুষ্ঠিত হৈ থকা ২৬ সংখ্যক এছিয়ান টাইকোৱাণ্ড চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি তেজপুৰৰ জীয়ৰী ৰ'দালী বৰুৱাই ব্ৰঞ্জৰ পদক লাভ কৰিছে। প্ৰতিযোগিতাত ভাৰতৰ শীৰ্ষ টাইকোৱাণ্ড খেলুৱৈ ৰ'দালীয়ে ৭৩ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰিছিল।

১৪ মে'ৰ পৰা অনুষ্ঠিত হৈ থকা এই প্ৰতিযোগিতা ১৯ মে'ত অন্ত পৰিব। ইয়াৰ পূৰ্বে একেটা স্থানতে অনুষ্ঠিত হোৱা অষ্টম এছিয়ান টাইকোৱাণ্ড পুমচে চেম্পিয়নশ্বিপত অসমৰ হৰ্ষা সিনহাই দুই সতীৰ্থ উষা ধামনাস্কা আৰু সীতাৰ সৈতে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে, ৰ'দালী বৰুৱাই কুয়েঞ্চ টাইকোৱাণ্ড এক্সিলেঞ্চ চেণ্টাৰৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ১৯৯৬ চনত জন্মগ্ৰহণ কৰা ৰ'দালীয়  ২০১৭ ত অল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত সোণৰ পদক লাভ কৰিছিল।

ইয়াৰ পিছতেই চাইনিজ টাইপেইত অনুষ্ঠিত হোৱা ছামাৰ ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছত কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত খেলিছিল। ২০১৯ ত তেওঁ জয় কৰিছিল ইণ্ডিয়া অ'পেন। একেবছৰতে নেপালত অনুষ্ঠিত হোৱা দক্ষিণ এছিয়া ক্ৰীড়াত লাভ কৰিছিল সোণৰ পদক।

২০২৩ ৰ ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অৰ্জন কৰিছিল সোণৰ পদক। ইয়াৰোপৰি তেওঁ বহু কেইখন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।