ভাৰতৰ সন্মুখত দিশহাৰা পাকিস্তানঃ ছাফ গেমছৰ আৰম্ভণিতে ৪-০ ত বিধ্বস্ত পাক দলটো... 
ক্রীড়া-জগত

ভাৰতৰ সন্মুখত দিশহাৰা পাকিস্তানঃ ছাফ গেমছৰ আৰম্ভণিতে ৪-০ ত বিধ্বস্ত পাক দলটো...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ক্ৰিকেট নহয়, এইবাৰ ফুটবলত পাকিস্তানক দিশহাৰা কৰিলে ভাৰতে। মাত্ৰ ৪ দিন পূৰ্বে ইতিহাস সৃষ্টিৰে ইণ্টাৰ কণ্টিনেণ্টেল কাপ জয় কৰাৰ লগতে ফিফাৰ ৰেংকিঙতো আগবাঢ়ি অহা ভাৰতে ছাফ গেমচৰ প্ৰথমখন মেচতেই দেখুৱালে ফুটবলৰ ছন্দ।

ভাৰতীয় ফুটবলৰ ছন্দত দিশহাৰা হৈ পৰিল পাকিস্তান। প্ৰতিযোগিতাৰ প্ৰথমখন মেচতেই ভাৰতে পাকিস্তানক ৪-০ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছে।

বিশ্বৰে মহান ফুটবলাৰৰ শাৰীলৈ উন্নীত হোৱা ভাৰতীয় অধিনায়ক সুনীল চেত্ৰীৰ ভৰিৰ পৰা আহিল হেট্ৰিক। উল্লেখ্য যে, ভিছাক লৈ সৃষ্টি হোৱা জটিলতাৰ মাজতে বুধবাৰে বেংগালুৰুত আহি উপস্থিত হয়হি পাকিস্তান।

ফলত ভাৰতৰ মটিত অনুশীলন অবিহনেই দলটোৱে খেল পথাৰত নামিবলৈ বাধ্য হয়। মেচখনৰ আৰম্ভণিৰ পৰাই ভাৰতীয় দলটোৱে পাক ডিফেন্সত ধাৰাবাহিক আক্ৰমণ কৰে। তাৰ পাছতো অৱশ্যে মেচখনত প্ৰথমেই গ'ল কৰাৰ সুযোগ লাভ কৰে পাকিস্তানেহে।

ভাৰতীয় গ'ল পোষ্টলৈ লক্ষ্য কৰি শ্বট মাৰে যদিও বল গ'লপোষ্টত লাগি উফৰি আহে। তাৰ পাছতেই যেন পাকিস্তানে ভাৰতীয় দলটোৰ ওচৰত আত্মসমৰ্পণ কৰে। মাত্ৰ ১০ মিনিটৰ ভিতৰতে ভাৰতে প্ৰথমটো গ'ল কৰে।

পাক গ'ল কিপাৰৰ সৈতে ধেমালি কৰাৰ দৰেই প্ৰথমটো গ'ল কৰে সুনীল চেত্ৰীয়ে। ইয়াৰ মাত্ৰ ৫ মিনিট পাছতে এই স্ক'ৰ ২-০ লৈ পৰিৱৰ্তন কৰিবলৈ সক্ষম হয় ভাৰতীয় দলটোৱে। বক্সৰ ভিতৰত হেণ্ড বল কৰে পাকিস্তানে। ফলত পেনাল্টি শ্বটৰ সুযোগ লাভ কৰে ভাৰতে।

অধিনায়ক সুনীল চেত্ৰীয়ে এই সুযোগক কাৰ্যক্ষম কৰে। প্ৰথমাৰ্ধত সুনীল চেত্ৰীয়ে ১০ আৰু ১৬ মিনিটত ২ টা গ'ল কৰাৰ পাছত দ্বিতীয়াৰ্ধত ৭৪ মিনিটত তৃতীয় গ'ল কৰি হেট্ৰিক অৰ্জন কৰে। ইয়াৰ পাছতে ৮১ মিনিটত উদান্ত সিঙে এটা গ'ল কৰি ৪-০ত ভাৰতক অগ্ৰগতি দিয়ে আৰু বিজয় লাভ কৰে।

উল্লেখ্য যে তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনৰ ঠিক বিৰতিৰ পূৰ্বে দুয়োটা দল হতাহতিত লিপ্ত হোৱাও দেখাগ'ল। সেই সময়তেই উত্তেজিত হৈ পৰে ভাৰতীয় দলটোৰ প্ৰশিক্ষক ইগৰ ষ্টিমাকচ। সেয়ে তেওঁক ৰেফাৰীয়ে ৰেৰ্ড কাৰ্ড দিয়ে।

বুধবাৰৰ মেচখনত ষ্টেডিয়ামত মুঠ ২২ হাজাৰ ৮৬০ গৰাকী দৰ্শক উপস্থিত থাকে। ইফালে মেচখনত হেট্ৰিক অৰ্জন কৰা সুনীল চেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় মুঠ গ'লৰ সংখ্যা ৯০ টালৈ বৃদ্ধি হৈছে।

সেই অনুসৰি সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় গল কৰা ফুটবলাৰৰ তালিকাত আছে তেওঁ চতুৰ্থ স্থানত। প্ৰথম স্থানত আছে ১২৩ টা গলেৰে ৰনাল্ডো, ১০৯ টা গলেৰে আলী দাই আৰু ১০৩ টা গলেৰে লিয়নেল মেচি। পৰৱৰ্তী মেচখনত ভাৰত মুখমুখী হব নেপালৰ সৈতে।