এটা যুগৰ অৱসান ! কেৰিয়াৰৰ অন্তিমখন গ্ৰেণ্ড শ্লাম খেলিলে ছানিয়া মিৰ্জাই...  
ক্রীড়া-জগত

এটা যুগৰ অৱসান ! কেৰিয়াৰৰ অন্তিমখন গ্ৰেণ্ড শ্লাম খেলিলে ছানিয়া মিৰ্জাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কেৰিয়াৰ অন্তিমখন গ্ৰেণ্ড শ্লাম খেলিলে ভাৰতৰ ষ্টাৰ টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই। শুকুৰবাৰে অনুষ্ঠিত হোৱা অষ্ট্ৰেলিয়ান অ'পেনৰ মিক্স ডাবলছৰ ফাইনেল মেচখনেই আছিল ছানিয়াৰ কেৰিয়াৰৰ অন্তিমখন গ্ৰেণ্ড শ্লাম।

ৰোহান বোপান্নাৰ সৈতে যুটি বান্ধি খেলা ফাইনেলখনত পৰাস্ত হয় ছানিয়া। ইয়াৰ লগে লগে প্ৰতিযোগিতাখনৰ মিক্সড ডাবলছত ৰানাৰ-আপতে শান্তি থাকিগ্ৰেণ্ড শ্লামৰ কেৰিয়াৰৰ সামৰণি মাৰে।

ৰড লেভাৰ এৰেনাত খেলা ফাইনেলত ছানিয়া মিৰ্জা ৰোহন বোপান্না ৬-৭ (২) ২-৬ ব্যৱধানত ব্ৰাজিলৰ যুটি লুইছা ষ্টিফেনি আৰু ৰাফেল মাটোছৰ হাতত পৰাস্ত হয়।

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ছানিয়া মিৰ্জাই অৰ্জন কৰিলে ৬ টাকৈ গ্ৰেণ্ড শ্লাম। এই ৬ টা গ্ৰাণ্ড শ্লামৰ ভিতৰত আছে ৩ টা মহিলাৰ ডাবলছৰ আৰু বাকী কেইটা মিক্সড ডাবলছৰ।

উল্লেখ্য যে মাত্ৰ ১৪ বছৰ বয়সতে ৰোহান বোপান্নাৰ সৈতে যুটি বান্ধি ছানিয়াই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত মিক্সড ডাবলছত অংশগ্ৰহণ কৰিছিল। আৰু সেইগৰাকী সতীৰ্থৰ সৈতেই যুটি বান্ধি কেৰিয়াৰৰ অন্তিমখন মেচ খেলিলে ছানিয়াই।

ছানিয়াই ২০০৯ চনত অষ্ট্ৰেলিয়ান অপেন আৰু মহেশ ভূপতিৰ সৈতে ফ্ৰেঞ্চ অপেন মিক্সড ডাবলছ খিতাপ জিকিছিল। তেওঁ ২০১৪ চনত ব্ৰাজিলৰ ব্ৰুনো চ'ৰেছৰ সৈতে ইউ এছ অপেন মিক্সড ডাবলছ খিতাপ জিকিছিল।

ছানিয়া অষ্ট্ৰেলিয়ান অপেনত চাৰিবাৰ ৰানাৰ-আপ হৈছে। কেৰিয়াৰৰ অন্তিমখন গ্ৰেণ্ড শ্লামত ছানিয়াৰ মেচ উপভোগ কৰে পুত্ৰ ইজান আৰু পৰিয়ালৰ আন আন সদস্যসকলেও।

ছানিয়াই খেলৰ পিছত কয়,- "মই কেতিয়াও ভবা নাছিলো যে মই মোৰ পুত্ৰৰ সন্মুখত গ্ৰেণ্ড শ্লেম ফাইনেল খেলিম। সেয়েহে এই খেলখন মোৰ বাবে বিশেষ। মোৰ চাৰি বছৰীয়া পুত্ৰ ইয়াত আছে আৰু মোৰ মা-দেউতা ইয়াত আছে। ৰোহনৰ পত্নী, মোৰ প্ৰশিক্ষক আৰু মোৰ পৰিয়াল অষ্ট্ৰেলিয়াত আছে, যাৰ ফলত মই ঘৰুৱা অনুভৱ কৰিছো।