বিশ্বকপৰ দলত সঞ্জু, ছাহালঃ ন্যায় পালে দুই ক্ৰিকেটাৰে... 
ক্রীড়া-জগত

বিশ্বকাপৰ দলত সঞ্জু, ছাহালঃ ন্যায় পালে দুই ক্ৰিকেটাৰে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৱশেষ ন্যায় লাভ কৰিলে য়ুজবেন্দ্ৰ ছাহালে। ন্যায় পালে সঞ্জু চেমচনেও। আই পি এলৰ ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু আৰু স্পীনাকৰ ছাহালে ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন দাঙি অহাৰ পাছতো কোনো এখন গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাতে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰা নাই।

ব্যাপক সমালোচনা আৰু চৰ্চাৰ অন্তত যদিও সঞ্জু চেমচনে ভাৰতীয় দলত মাজে সময়ে স্থান লাভ কৰে তথাপিও তেওঁ যেন ক'ৰবাত উপক্ষিত হৈ পৰে সঞ্জু। লাভ নকৰে আন ক্ৰিকেটাৰৰ দৰে অধিক সুযোগ।

সেইদৰেই য়ুজবেন্দ্ৰ ছাহালেও উইকেট লাভ কৰি থকাৰ পাছতো কোনো কাৰণ নোহোৱাকৈ ভাৰতীয় দলৰ পৰা উপক্ষিত হ'বলগীয়া হৈছে। চলিত আই পি এলত এই দুই ক্ৰিকেটাৰে যি দমনীয় প্ৰদৰ্শন দাঙি ধৰিছে সেই প্ৰদৰ্শনেই তেওঁলোকক বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলত স্থান দিবলৈ নিৰ্বাচকক বাধ্য কৰিলে।

চলিত আই পি এলত ৰাজস্থানৰ অধিনায়ক সঞ্জুৱে ৩৮৫ ৰাণ কৰি অৰেঞ্জ কেপৰ দৌৰত দ্বিতীয় স্থানত আছে। সেইদৰে য়ুজবেন্দ্ৰ ছাহালে এই পৰ্যন্ত ৯ খন মেচ খেলি ১৩ টা উইকেট লাভ কৰিছে। ইমানৰ পিছতো এই দুই ক্ৰিকেটাৰক অৱশ্যে বহু কেইজন প্ৰাক্তন ক্ৰিকেটাৰে বিশ্বকাপৰ বাবে যোগ্য বুলি বিবেচিত কৰা নাছিল।

সমান্তৰালকৈ আকৌ বহু কেইজন ক্ৰিকেটাৰ, ক্ৰিকেট বিশেষজ্ঞই এই দুই ক্ৰিকেটাৰৰ সমৰ্থনত মুকলিকৈ মাত মাতিছিল। এনে পৰিস্থিতিত দুয়ো ক্ৰিকেটাৰে বিশ্বকাপ দলত স্থান পোৱাক লৈ এতিয়া ক্ৰিকেট অনুৰাগীৰ মাজত সন্তুষ্টি দেখিবলৈ পোৱা গৈছে।

সেইদৰে আঘাতৰ বাবে এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ আৰম্ভণিতে দলৰ পৰা বাহিৰ হৈ আই পি এলত মুম্বাইৰ অধিনায়ক হিচাপে খেলি থকা হাৰ্দিক পাণ্ডিয়াক দলটোৰ উপ-অধিনায়ক হিচাপে স্থান দিয়াক লৈয়ো সৃষ্টি হৈছে ক্ৰিয়া, প্ৰতিক্ৰিয়া। মুম্বাইৰ অধিনায়কজনে চলিত আই পি এলত বেটিং আৰু বলিং কোনোটোতে সফল হ'ব পৰা নাই। অধিনায়ক হিচাপেও তেওঁ চূড়ান্ত ব্যৰ্থ হৈছে। এনে পৰিস্থিতিত তেওঁক দলত স্থান দিয়াক লৈ স্বাভাৱিকতে প্ৰশ্ন উঠিছে।