ক্রীড়া-জগত

ক্ৰিকেট বিশ্বক স্তম্ভিত কৰি শিখৰ ধাৱনৰ আচম্ভিত অৱসৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : শিখৰ ধাৱান। বেটিং-ফিল্ডিং উভয় দিশতে ত্ৰাসৰ সৃষ্টি কৰা এগৰাকী ক্ৰিকেটাৰ। সদা হাস্যমুখী তেঁও। কেৰিয়াৰৰ ভাল সময়তো তেঁওৰ মুখত থাকে এমোকোৰা হাঁহি। বেয়া দিনতো সদায়ে মুখত বিৰিঙাই লৈ ফুৰে হাঁহি।

কোনেনো জানিছিল আজি যে তেঁও ক্ৰিকেটক জনাব বিদায় ! ২৪ আগষ্টৰ ৰাতিপুৱাই সামাজিক মাধ্যমত ভাহি আহিল সেই দুখবৰ। ক্ৰিকেট বিশ্বক স্তম্ভিত কৰি গব্বৰখ্যাত শিখৰ ধাৱানৰ আচম্ভিত অৱসৰ ঘোষণা।

সামাজিক মাধ্যমযোগে ধাৱানে জনালে ১৪ বছৰীয়া বৰ্ণিল ক্ৰিকেট কেৰিয়াৰৰ পৰিসমাপ্তিৰ কথা। হতচকিত সকলো ক্ৰিকেট অনুৰাগী।

দীৰ্ঘদিন জাতীয় দলৰ পৰা আঁতৰি থকা ধাৱানে অৱশেষত ল’লে চূড়ান্ত সিদ্ধান্ত। তেঁওৰ আৰু উভতি নাহে ২২ গজলৈ।

শেষ মানেই শেষ। ইমানতে সকলো শ্ৰেণীৰ ক্ৰিকেটৰ অন্ত পেলালে গব্বৰে। হয়তো তেঁও এই সিদ্ধান্ত লোৱাৰ সময়তো মুখত বিৰিঙি আছিল সেই হাঁহিটো। দুৰ্দান্ত কেচ আয়ত্ব কৰি অথবা চেঞ্চুৰী সম্পূৰ্ণ কৰি যি হাঁহি মাৰি ভুলাইছিল ভূৱন।

উল্লেখযোগ্য যে তেওঁৰ বৰ্ণিল আন্তৰ্জাতিক ক্ৰিকেট কেৰিয়াৰত আছে ৭টা টেষ্ট শতক আৰু ৫টা অৰ্ধশতক। একেদৰে এদিনীয়া আন্তৰ্জাতিকত আছে ১৭ শতক আৰু ৩৯ টা অৰ্ধশতক। আনহাতে টি-২০ আন্তৰ্জাতিকত আছে ১১ টা অৰ্ধশতক।

প্ৰতিপক্ষ বলাৰৰ মূৰৰ কামোৰণিসদৃশ আছিল গব্বৰ। যিকোনো বলাৰক অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰি বহু যুঁজৰ নায়ক হৈছিল ধাৱান।

শনিবাৰে অৱসৰ ঘোষণা কৰি তেঁও কয়- জীৱনত আগবাঢ়ি যাবলৈ পৃষ্ঠা ঘূৰাই দিয়াটো গুৰুত্বপূৰ্ণ আৰু সেয়েহে মই আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছো। মই মোৰ হৃদয়ত শান্তি স্থাপন কৰিছোঁ।

কিয়নো মই অতদিনে ভাৰতৰ খেলিবলৈ সুবিধা পাইছোঁ। অৱসৰ সদায়ে আবেগিক ক্ষণ। কিন্তু ইয়াকে লৈ মোৰ দুখ অথবা ক্ষোভ নাই। কাৰণ দেশক প্ৰতিনিধিত্ব কৰিবলৈ পোৱাটোৱে মোৰ বাবে সুখৰ কথা।

লগতে কয়- মোৰ পৰিয়াল, মোৰ দেশবাসী আৰু মোৰ প্ৰশিক্ষক আটাইৰে ওচৰত মই কৃতজ্ঞ। সৰুৰ পৰাই আজিপৰ্যন্ত এইখিনি পোৱাত যিসকলে মোক সহায় কৰিলে অথবা কাষত থাকি দিলে দিহা-পৰামৰ্শ, সকলোৰে ওচৰত মোৰ কৃতজ্ঞতা নিবেদন কৰিলো।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ধাৱানে যোগোৱা বৰঙণি সদায়ে স্বীকাৰ কৰিব দেশবাসীয়ে। তেঁওৰ বেটিংশৈলী অথবা কেচ আয়ত্ব কৰি কৰা উদযাপন সদায়ে একক আৰু পৃথক।

তেঁওৰ এই বিদায়বেলাত অলেখ শুভেচ্ছা। হাঁহিমুখীয়া মানুহজনৰ মুখত সদায়ে থাকক এমোকোৰা হাঁহি। এক কথাত হাঁহি হাঁহি ক্ৰিকেটক শিখৰ ধাৱানে জনালে বিদায়।