দুই বেডমিণ্টন যুটি সৎৱিক ছাইৰাজ আৰু চিৰাগলৈ খেলৰত্ন বঁটাঃ মহম্মদ ছামিলৈ অৰ্জুন বঁটা... 
ক্রীড়া-জগত

দুই বেডমিণ্টন যুটি সৎৱিক ছাইৰাজ আৰু চিৰাগলৈ খেলৰত্ন বঁটাঃ মহম্মদ ছামিলৈ অৰ্জুন বঁটা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান লাভ কৰিব দুই বেডমিণ্টন যুটিয়ে। ইতিহাস সৃষ্টিৰে প্ৰথমবাৰৰ বাবে বেডমিণ্টত ভাৰতৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰিব সৎৱিক ছাইৰাজ ৰাংকিৰেড্ডি আৰু চিৰাগ ছেট্টিয়ে। একেদৰে অৰ্জুন লাভ কৰিব ভাৰতৰ দুৰ্দান্ত পেছ বলাৰ মহম্মদ ছামিয়ে।

সদ্যসমাপ্ত বিশ্বকাপ ক্ৰিকেটত মহম্মদ ছামিৰ প্ৰদৰ্শন আছিল সকলোৰে চৰ্চাৰ বিষয়। ছামিৰ দুৰ্দান্ত বলি আক্ৰমণত দিশহাৰা হৈছিল প্ৰতিটো ক্ৰিকেট দলেই। ছামিৰ এনে প্ৰদৰ্শনৰ বাবেই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে তেওঁৰ নাম খেল ৰত্ন বঁটাৰ বাবে আৱেদন কৰিছিল। তাৰ ভিত্তিতে তেওঁক এইবাৰ অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

আনহাতে সৎৱিক ছাইৰাজ ৰাংকিৰেড্ডী চিৰাগ ছেট্টীয়ে বিশ্বজুৰি ঈৰ্ষণীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে সদ্য সমাপ্ত এছিয়ান গেমছৰ উপৰিও এছিয়ান চেম্পিয়নশ্বিপ, ছুইছ অ'পেন আৰু কোৰিয়া অ'পেনৰ খিতাপ লাভ কৰিছে।

ইয়াৰোপৰি চীনা মাষ্টাৰ্ছত ৰাণাৰ্ছ আপ হৈছিল। বিশ্বজুৰি তেওঁলোকৰ এনে দমনীয় প্ৰদৰ্ষনৰ বাবেই খেল ৰত্ন বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

ইফালে দ্বিতীয় সৰ্বোচ্ছ ক্ৰীড়া সন্মান অৰ্জুন বঁটাৰ বাবে মহম্মদ ছামিৰ উপৰিও নিৰ্বাচিত হৈছে এথলীট পাৰুল চৌধুৰী, বক্সাৰ মহম্মদ হুছামুদ্দিন, টেবুল টেনিছ খেলুৱৈ ঐহিকা মুখাৰ্জীকে ধৰি মুঠ ২৬ জনলৈ।

পাঁচগৰাকী প্ৰশিক্ষক ক্ৰমে কবিতা ছেলভাৰাজ (কাবাদী) মঞ্জুছা কানৱাৰ (পেৰা এথলেটিকছ) আৰু বিনীত কুমাৰ শৰ্মা (হকী)ক ধ্যানচান্দ জীৱনজোৰা বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। ৫ গৰাকী প্ৰশিক্ষকক নিৰ্বাচিত কৰা হৈছে দ্ৰোণাচাৰ্য বঁটাৰ বাবে।