ৰাষ্ট্ৰীয় টাইকোৱাণ্ড প্ৰতিযোগিতাত স্তুতি কিংকিনী,দেৱাশীষৰ দুটাকৈ পদক লাভ... 
ক্রীড়া-জগত

ৰাষ্ট্ৰীয় টাইকোৱাণ্ড প্ৰতিযোগিতাত স্তুতি কিংকিনী,দেৱাশীষৰ দুটাকৈ পদক লাভ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰতৰ ঔৰংগাবাদত অনুষ্ঠিত হোৱা হৈ যোৱা ৪১ সংখ্যক ৰাষ্ট্ৰীয় টাইকোৱাণ্ড কিউৰোগী আৰু চতুৰ্দশ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ পুমছে প্ৰতিযোগিতাত গুৱাহাটীৰ ইলাইট টাইকোৱাণ্ড একামেডীৰ দুগৰাকী খেলুৱৈয়ে অসমক প্ৰতিনিধিত্ব কৰি দুটাকৈ শাখাত মুঠ ৪ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰতিযোগিতাখনত পুুমছেৰ ব্যক্তিগত শাখাত স্তুতি কিংকিনী মজুমদাৰ ব্ৰক্তিগত শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে মিক্সড পেয়াৰত ৰূপৰ পদক লাভ কৰিছে। মিক্সড পেয়াৰত তেওঁৰ সৈতে আছিল একেখন একাডেমীৰ দেৱাশীষ দাস। দেৱাশীষ দাসেও ব্যক্তিগত শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

গুৱাহাটীৰ শ্ৰীমন্তপুৰত থকা ইলাইট টাইকোৱাণ্ড একাডেমীৰ প্ৰশিক্ষাৰ্থী স্তুতি আৰু দেৱাশীষে একাডেমীখনত নীলমজ্যোতি কলিতা আৰু পৰাগজ্যোতি কলিতাৰ তত্বাবধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

উল্লেখ্য যে, স্তুতি কিংকিনী মজুমদাৰ ছহিদ সাংবাদিক অনিল মজুমদাৰ আৰু মল্লিকা মজুমদাৰৰ কনিষ্ঠা কন্যা। তেওঁ গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী। মন কৰিবলগীয়া যে, এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসমে এইবাৰ মুঠ ১১ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে।