ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবলৰ ছেমিত অসম-ৰাজস্থান, হিমাচল-হাৰিয়ানা... 
ক্রীড়া-জগত

ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবলৰ ছেমিত অসম-ৰাজস্থান, হিমাচল-হাৰিয়ানা...

Asomiya Pratidin

ডিজিটেল সংবাদ যোৰহাটঃ যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত যোৰহাট ষ্টেডিয়াম আৰু মৰিয়নী বাপুজী ষ্টেডিয়ামত চলি থকা ১৫ বছৰ অনুৰ্ধ্বৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ছাব-জুনিয়ৰ বয়জ (টায়াৰ-২) প্রতিযোগিতাখনৰ আজি লীগৰ অন্তিম খেল দুখন অনুষ্ঠিত হয়। আজি লীগৰ গ্ৰুপ ‘বি’ অন্তিম খেল দুখনৰ এখন যোৰহাট ষ্টেডিয়ামত আৰু আনখন মৰিয়নী বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হয়।

আজি যোৰহাটত অনুষ্ঠিত খেলখনত হাৰিয়ানা ৰাজ্যিক ফুটবল দলে চণ্ডীগড় ৰাজ্যিক ফুটবল দলক ৭-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। মেচখনত হাৰিয়ানাৰ হৈ ৰাজবীৰ কাপুৰে মুঠ চাৰিটা গ'ল কৰে। দলটোৱে লীগৰ আটাইকেইখন মেচতে বিজয় সাব্যস্ত কৰি ছেমি প্ৰৱেশ কৰিছে।

ইফালে আজি মৰিয়নি বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ত্ৰিপুৰা ৰাজ্যিক ফুটবল দলে আন্দামান নিকোবৰ ৰাজ্যিক ফুটবল দলক ১৪-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। চুবুৰীয়া ত্ৰিপুৰাৰ হৈ অধিনায়ক জেনেচিছ ডাৰলঙে সৰ্বাধিক ৬ টা গ’ল কৰে।

অৱশ্যে দলটোৱে আজি এনেদৰে প্ৰদৰ্শন কৰাৰ পাছতো লীগৰ মুঠ ৩ খন মেচৰ এখন মেচত হাৰিয়ানাৰ বিৰুদ্ধে ৫-০ ত পৰাস্ত হোৱাত ছেমিৰ কাষ চাপিও খেলাৰ সুযোগ নাপালে।

উল্লেখযোগ্য যে অহা ১৮ ছেপ্টেম্বৰত যোৰহাট ষ্টেডিয়ামত প্ৰতিযোগিতাখনৰ ছেমি ফাইনেল খেল দুখন অনুষ্ঠিত হ’ব। প্ৰথমখন ছেমিত মুখামুখি হ’ব গ্ৰুপ ‘এ’ৰ চেম্পিয়ন আয়োজক অসমৰ বিৰুদ্ধে গ্ৰুপ ‘চি’ৰ চেম্পিয়ন ৰাজস্থানে। দ্বিতীয়খন ছেমিত গ্ৰুপ ‘ডি’ৰ চেম্পিয়ন হিমাচল প্ৰদেশৰ বিৰুদ্ধে গ্ৰুপ ‘বি’ৰ চেম্পিয়ন হাৰিয়ানাই খেলিব।