স্মৰণীয় হৈ থাকিব কাণপুৰ টেষ্টঃ ছিৰিজৰ শ্ৰেষ্ঠ অশ্বিন...  
ক্রীড়া-জগত

স্মৰণীয় হৈ থাকিব কাণপুৰ টেষ্টঃ ছিৰিজৰ শ্ৰেষ্ঠ অশ্বিন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ক্ৰিকেট ইতিহাসত ভাৰত-বাংলাদেশৰ কাণপুৰ টেষ্ট সদায় স্মৰণিয় হৈ থাকিব। টেষ্টখন অন্ত পৰাত যদিও ৫ দিন সময়ৰে প্ৰয়োজন হ'ল, টেষ্টখনত কিন্তু খেলিলে আঢ়ৈতাহে দিন। এই আঢ়ৈ দিনত দৰাচলতে ভাৰতে টেষ্ট মেচেই খেলিলে নে টেষ্ট মেচৰ নামত টি-২০ খেলিলে সেয়া এতিয়া বহুতৰ কাৰণে প্ৰশ্নৰ বিষয় হৈ পৰিছে।

টেষ্টখন সফলতাৰে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যিদৰে বৰষুণে বাধাৰ সৃষ্টি কৰিলে, সেইদৰেই বাংলাদেশী দলটোক টেষ্টখন জয়ৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হৈ থিয় দিলে ৰোহিত শৰ্মাই। চতুৰ্থ দিনটোত বেটিং কৰিবলৈ অহাৰ সময়তে ৰোহিত শৰ্মাই টেষ্টখনত ভাৰতে কি কৰিবলৈ গৈ আছে তাৰ আগতীয়া উমান দি দিলে। অপেনিং যুটিত ৰোহিত-জয়ছোৱালৰ খেলৰ ধৰণ দেখিয়েই বেকফুটলৈ গৈছিল আলহী দলটো।

বহুতৰ মতে আকৌ কাণপুৰ টেষ্ট আছিল টি-টেন। সেয়া যিয়েই নহওক ৭ উইকেটত জয়ী হৈ ভাৰতে ছিৰিজৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট জয় কৰাৰ লগে লগে বাংলাদেশ হোৱাইটৱাছ হয়।

টেষ্টখনৰ আৰম্ভণিৰ দিনটোত মাত্ৰ ৩৫ অভাৰৰ খেলা হৈছিল। দ্বিতীয় আৰু তৃতীয় দিনটোত বৰষুণৰ বাবে এটাও বল নপৰিল। চতুৰ্থ দিনটোত বাংলাদেশে ১০৭ ৰাণৰ পৰা ইনিংছ আৰম্ভ কৰি ২৩৩ ৰাণত ইনিংছ সামৰে।

তেওঁলোকে মুঠ ৭৪.২ অভাৰ বেটিং কৰে। বহুতেই আশা কৰিছিল হয়তো দ্বিতীয় টেষ্ট ভাৰতৰ বাবে কিছু জটিল হৈ পৰিব। কিন্তু সকলোৰে ধাৰণাক ভুল প্ৰমাণ কৰি খেল পথাৰলৈ আহিয়েই ৰোহিত শৰ্মাই ভাৰতীয় দলে কি কৰিবলৈ গৈ আছে তাৰ উমান দি দিলে।

প্ৰথম অভাৰতেই যশস্বী জয়ছোৱালে তিনিটাকৈ চাৰি কোবালে। ৰোহিত শৰ্মাই প্ৰথম দুটা বলতেই অভাৰ বাউণ্ডেৰী কোবাই। কেৱল ৰোহিত যশস্বীয়েই নহয়, ভাৰতৰ আটাইকেইজন বেটছমেনেই টি-২০ ত বেটিং কৰাৰ দৰেই বেটিং কৰে।

মেচখনৰ আৰম্ভণিৰ ৩ অভাৰতে ভাৰতে গঢ়ে অভিলেখ। টেষ্টত দ্ৰুততম দলীয় ৫০ অৰ্জন কৰা দললৈ পৰিণত হয় ভাৰত। তাৰ পাছত ১০.১ অভাৰত ১০০ ৰাণ কৰি ভাৰতে দ্ৰুততম শতক অৰ্জন কৰা দলৰো অভিলেখ গঢ়ে। কেৱল সেয়াই নহয়, দ্ৰুততম ১৫০, ২০০ ৰাণ কৰাৰো অভিলেখ গঢ়ে ভাৰতে।

দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত ভাৰতৰ প্ৰথম ছয়জন বেটছমেনৰে ষ্ট্ৰাইক ৰেট আছিল ১০০ ৰো অধিক। জয়ছোৱালে ৫১ বলত কৰে ৭২ ৰাণ। ৰোহিত শৰ্মাই ১১ বলত কৰে ২৩ ৰাণ। বিৰাটে কৰে ৩৫ বলত ৪৭ ৰাণ। ৰাহুলেও ৪৩ বলত খেলে ৬৮ ৰাণৰ দৰ্শনীয় অৰ্ধশতকীয় ইনিংছ।

এইদৰে আক্ৰমণাত্মক খেল খেলি ভাৰতে প্ৰথম ইনিংছত ৫২ ৰাণৰ অগ্ৰগতি লাভ কৰাৰ সময়তে ইনিংছ ঘোষণা কৰে। তেতিয়ালৈকে ক্ৰিকেট বিশেষজ্ঞই বুজি উঠিছিল ভাৰতৰ উদ্দেশ্যে কি।

কাণপুৰৰ ক'লা পিটছত বেটিং কৰিবলৈ কঠিন যদিও ভাৰতে সেই প্ৰত্যাহ্বানক হেলাৰঙে পাৰ কৰিলে। কিন্তু ব্যৰ্থ হয় বাংলাদেশ। দ্বিতীয় ইনিংছত বাংলাদেশৰ হৈ অপেমাৰ শ্বাদমান ইছলামে ৫০ ৰাণ কৰে।

জাকিৰ হাছানে ১০, মোমনিল হকে ২, অধিনায়ক হুছেইন শান্তে ১৯, লিটন দাসে ১ ছাকিব অল হাছানে এটাও ৰাণ নকৰাকৈ ক্ৰীজৰ পৰা বাহিৰ হ'বলগীয়া হয়। দ্বিতীয় ইনিংছত বুমৰাহ, অশ্বিন আৰু জাডেজাই তিনিটাকৈ উইকেট লাভ কৰে। আকাশদ্বীপে লাভ কৰে এটা উইকেট।

ফলত ভাৰতৰ সন্মুখত লক্ষ্য হয় ৯৫ ৰাণ। এই সহজ লক্ষ্য ভাৰতে মাত্ৰ ১৭.২ অভাৰতে অতিক্ৰম কৰে। ভাৰতৰ হৈ ৰোহিত শৰ্মাই ৮, শুভমণ গিলে ৬, জয়ছোৱালে ৫১, বিৰাট কোহলিয়ে ২৯ ৰাণ কৰে।

দুয়োখন টেষ্ট ভাৰতে সহজে জয় কৰাৰ মূলতে আছিল বেটিং আৰু বলিং উভয় শাখাতে দেখুওৱা অনবদ্য প্ৰদৰ্শন। প্ৰথম টেষ্টত ভাৰতৰ মূল বেটছমেন কেইজন ব্যৰ্থ হ'ল যদিও ৰবিচন্দ্ৰন অশ্বিনে শতকীয় ইনিংছ খেলি, ৰবীন্দ্ৰ জাডেজাই অৰ্ধশতকীয় ইনিংছ খেলি বৃহৎ স্ক'ৰ থিয় কৰিবলৈ সক্ষম হৈছিল।

বলিঙতো আটাইকেইজন বলাৰেই আছিল সফল। কাণপুৰৰ দ্বিতীয় টেষ্টো আছিল বলাৰ সকলৰ বাবে আছিল বিশেষ। অশ্বিন, জাডেজাই পুনৰ এবাৰ এই টেষ্টত বলিঙেৰে ভাৰতক অপ্ৰতিৰোধ্য কৰি তুলিলে।

এনে প্ৰদৰ্শনৰ বাবে ছিৰিজৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় ৰবিচন্দ্ৰন অশ্বিন। কাণপুৰ টেষ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হয় তৰুণ ক্ৰিকেটাৰ যশস্বী জয়ছোৱাল। বাংলাদেশৰ বিৰুদ্ধে তেওঁ দুয়োখন টেষ্ট মিলাই ৩ টা অৰ্ধশতক অৰ্জন কৰিছে। আটাইতকৈ বেছি ৰাণ আহিছে জয়ছোৱালৰ বেটৰ পৰায়ে।