টি-২০ৰ উপৰিও এদিনীয়াতো স্থান ৰিয়ানকঃ শ্ৰীলংকা ভ্ৰমণৰ বাবে ঘোষণা ভাৰতীয় দল 
ক্রীড়া-জগত

টি-২০ৰ উপৰিও এদিনীয়াতো স্থান ৰিয়ানকঃ শ্ৰীলংকা ভ্ৰমণৰ বাবে ঘোষণা ভাৰতীয় দল

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শ্ৰীলংকা ভ্ৰমণৰ বাবে ঘোষণা কৰা ভাৰতীয় দলত স্থান লাভ কৰিছে ৰিয়ান পৰাগে। সদ্যসমাপ্ত জিম্বাৱে’ৰ বিৰুদ্ধে খেলা ৫ খন টি-২০ শৃংখলাত আত্মপ্ৰকাশ কৰা ৰিয়ানক পুনৰ স্থান দিয়া হৈছে ভাৰতীয় দলত।

আজি বি চি চি আইয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে শ্ৰীলংকা ভ্ৰমণৰ বাবে প্ৰেৰণ কৰিবলগীয়া ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ নাম। তিনিখন টি-২০ আৰু সম সংখ্যক এদিনীয়াৰ বাবে ঘোষণা কৰা দলটোৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ। এয়া হ’ব গৌতম গম্ভীৰৰ ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে প্ৰথম শ্ৰীলংকা ভ্ৰমণ।

ঘোষণা কৰা টি-২০ দলটোৰ অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে সূৰ্য কুমাৰ যাদৱক। পূৰ্বে হাৰ্দিক পাণ্ডিয়াক এই দায়িত্ব দিয়া হ’ব বুলি চৰ্চা হৈছিল যদিও পাণ্ডিয়াক এই দায়িত্ব দিয়াৰ পৰা বিৰত থাকিল ভাৰতীয় দলৰ নিৰ্বাচক।

আনহাতে এদিনীয়া দলটোৰ অধিনায়ক হিচাপে কে এল ৰাহুলক দলত স্থান দিয়া হ'ব বুলি চৰ্চা চলি আছিল যদিও কাৰ্যতঃ সেয়াও অসত্য প্ৰমাণিত হ’ল। এদিনীয়া দলটোৰ অধিনায়কৰ দায়িত্বত আছে নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা। অৱশ্যে কে এল ৰাহুল এদিনীয়া দলটোলৈ পুনৰ ঘূৰি আহিছে।

লক্ষ্যণীয় ভাৱে কে এল ৰাহুলক এদিনীয়া দলটোৰ উইকেট কীপাৰৰ দায়িত্ব দিয়া হৈছে। তেওঁৰ লগত একে ভূমিকাৰ বাবে স্থান দিয়া হৈছে ঋষভ পণ্টক। সঞ্জু ছেমছনক এদিনীয়া দলত স্থান দিয়া হোৱা নাই। সেইদৰে ৰাহুলক টি-২০ ত স্থান দিয়া হোৱা নাই।

ইফালে বেগী বলাৰ যশপ্ৰীত বুমাৰহক টি-২০ আৰু এদিনীয়া ক’তো স্থান দিয়া হোৱা নাই। তেওঁক কিয় দলত স্থান দিয়া হোৱা নাই সেই বিষয়ে জানিব পৰা হোৱা নাই যদিও বুমৰাহক জিৰণীৰ বাবেই দলত স্থান দিয়া হোৱা নাই বুলি চৰ্চা চলিছে।

উল্লেখ্য যে, ভাৰতে শ্ৰীলংকাৰ পালিকেলেত ২৭ জুলাইৰ পৰা ৩০ জুলাইলৈ টি-২০ মেচ তিনিখন খেলিব। আনহাতে ২ আগষ্টৰ পৰা ৭ আগষ্টলৈ কলম্বুত খেলিব এদিনীয়া মেচ তিনিখন।

ঘোষণা কৰা টি-২০ দলটোঃ সূৰ্য কুমাৰ যাদৱ (অধিনায়ক), শুভমণ গীল (উপ-অধিনায়ক) য়শস্বী জয়োছৱাল, ৰিংকু সিং, ৰিয়ান পৰাগ, ঋষভ পণ্ট (উইকেট কীপাৰ) সঞ্জু ছেমছন (উইকেট কীপাৰ), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্সৰ পেটেল, ৱাশ্বিংটন সুন্দৰস ৰবি বিষ্ণই, অৰ্শদ্বীপ সিং, খলিল আহমেদ আৰু মহম্মদ ছিৰাজ।

ঘোষণা কৰা এদিনীয়া দলটোঃ ৰোহিত শৰ্মা (অধিনায়ক), শুভমণ গীল (উপ-অধিনায়ক), বিৰাট কোহলি, কে এল ৰাহুল (উইকেট কীপাৰ) ঋষভ পণ্ট (উইকেট কীপাৰ), শ্ৰেয়াস আয়াৰ, শিৱম ডুবে, কুলদ্বীপ যাদৱ, মহম্মদ ছিৰাজ, ৱাশ্বিংটন সুন্দৰ, অৰ্শদ্বীপ সিং, ৰিয়াং পৰাগ, অক্ষৰ পেটেল, খলিল আহমেদ, হৰ্ষিত ৰাণা।