ৰাজস্থান ৰয়েলছত যোগ দিব ৰাহুল দ্ৰাবিড় আৰু বিক্ৰম ৰাথোড়ে !  
ক্রীড়া-জগত

ৰাজস্থান ৰয়েলছত যোগ দিব ৰাহুল দ্ৰাবিড় আৰু বিক্ৰম ৰাথোড়ে !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সকলো ঠিকেই থাকিলে আই পি এলৰ ২০২৫ ছিজনত ৰাহুল দ্ৰাবিড়ক পুনৰ ৰাজস্থান ৰয়েলছ দলৰ সৈতে দেখিবলৈ পাব ক্ৰিকেট অনুৰাগীসকলে।

'দ্যা ৱাল' খ্যাত ৰাহুল দ্ৰাবিড়ে যোৱা জুন মাহত টি-২০ বিশ্বকাপ জয়েৰে ভাৰতীয় ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব সম্পূৰ্ণ কৰি কাৰ্যকাল শেষ কৰিছে। ইয়াৰ পিছতে এতিয়া দ্ৰাবিড়ক ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক হিচাপে চুক্তিবদ্ধ কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজস্থান ৰয়েলছে।

ইতিমধ্যে ফ্ৰেঞ্চাইজিটোৰ ৰাহুল দ্ৰাবিড়ৰ সৈতে এই সম্পৰ্কে আলোচনা অন্ত পৰিছে আৰু দ্ৰাবিড়ে এই দায়িত্ব গ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে বুলি খবৰ প্ৰকাশ পাইছে। উল্লেখ্য যে, ২০১১ ৰ পৰা ২০১৩ লৈ ৰাহুল দ্ৰাবিড় আছিল ৰাজস্থান ৰয়েলছৰ খেলুৱৈ।

এই তিনওটা ছিজনত তেওঁ মুঠ ৪৬ খন মেচ খেলি গড়ে ২৯.৬৭ কৈ ১২৭৬ ৰাণ সংগ্ৰহ কৰিছিল। এই সময়ত তেওঁৰ বেটৰ পৰা আহিছিল সাতটাকৈ অৰ্ধশতক। তেওঁৰ এটা ইনিংছত সৰ্বাধিক কৰিছিল ৬৬ ৰাণ।

ইয়াৰোপৰি ৰাহুল দ্ৰাবিড়ৰ ৰাজস্থান ৰয়েলছৰ সৈতে পূৰ্বৰে পৰা আছে ভাল সম্পৰ্ক। দলটোৰ অধিনায়ক সঞ্জু চেমচেনৰ সৈতেও ৰাহুল দ্ৰাবিড়ৰ সম্পৰ্ক অতি ঘনিষ্ঠ। সঞ্জুৱে ৰাহুল দ্ৰাবিড়ৰ অধীনত ১৯ অনুৰ্ধ্বৰ ক্ৰিকেট খেলাৰ উপৰিও ভাৰতীয় দলটো কেইবাখনো মেচ খেলিছে।

সঞ্জুৰ দৰেই দ্ৰাবিড়ে ২০১২ আৰু ১৩ ছিজনত ৰাজস্থান ৰয়েলছক নেতৃত্ব প্ৰদান কৰিছিল। তাৰোপৰি ২০১৪ ৰ পৰা ১৫ লৈ তেওঁ আছিল এই ফ্ৰেঞ্চাইজিটোৰ সঞ্চালক।

২০১৬ ত দ্ৰাবিড়ে ৰাজস্থান ৰয়েলছ এৰি দিল্লী কেপিটেলত যোগদান কৰে আৰু তাৰ পিছত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত যোগদান কৰে। ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ পৰাই দ্ৰাবিড়ে আকৌ পৰৱৰ্তী সময়ত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে যোগদান কৰে আৰু সফলতাৰে তেওঁৰ কাৰ্যকাল সামৰণি মাৰে।

ৰাজস্থান ৰয়েলছে দ্ৰাবিড়ৰ উপৰিও আন কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰ তথা প্ৰশিক্ষকৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিছে। খবৰ অনুসৰি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোড়ক দলটোৰ বেটিং প্ৰশিক্ষক হিচাপে চুক্তিবদ্ধ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

বিক্ৰম ৰাথোড় দ্ৰাবিড়ৰ ঘনিষ্ঠ। চৰ্চা অনুসৰি দ্ৰাবিড়ৰ পৰামৰ্শ মতেই ফ্ৰেঞ্চাইজিটোৱে বিক্ৰম ৰাথোড়ৰ সৈতে কথা আগবঢ়াইছে। ২০১৯ চনৰ পৰাই বিক্ৰম ৰাথোড়ৰ দ্ৰাবিড়ৰ সৈতে আছে।

উল্লেখ্য যে, ৰাজস্থান ৰয়েলছৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাৰ স্থানত ৰাহুল দ্ৰাবিড়ক নিযুক্তি দিব। অৱশ্যে কুমাৰ ছাংগাকাৰাই ৰাজস্থান ৰয়েলছ ত্যাগ নকৰে।

তেওঁ ফ্ৰেঞ্চাইজিটোৰ আন কেতবোৰ দায়িত্ব পালন কৰাৰ লগতে এছএ২০ আৰু কেৰিবিয়ান প্ৰিমিয়াৰ লীগত ক্ৰমে পাৰ্ল ৰয়েলছ আৰু বাৰ্বাডোছ ৰয়েলছৰ সৈতে কাম কৰিব।

২০০৮ চনত আই পি এলৰ উদ্বোধনী ছিজনত চেম্পিয়নৰ খিতাপ জয় কৰাৰ পিছৰে পৰা ৰাজস্থান ৰয়েলছে এতিয়ালৈকে দ্বিতীয়বাৰৰ বাবে এই খিতাপ জয় কৰিব পৰা নাই। ৰাহুল দ্ৰাবিড়ক ফ্ৰেঞ্চাইজিটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ পিছত দ্বিতীয়বাৰৰ বাবে দলটো চেম্পিয়ন হ'বলৈ সক্ষম হয় নে নহয় সেয়া সময়ে ক'ব। অৱশ্যে ২০০৮ ৰ পৰা ২০১৩ লৈ আই পি এলত মুঠ ৮২ খন মেচ খেলা দ্ৰাবিড়ে এবাৰো আই পি এলৰ খিতাপ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই।