ক্রীড়া-জগত

ঘোষণা হ'ল ২০২৪ বৰ্ষৰ আই পি এলৰ আৰম্ভণিৰ দিন

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিশ্বৰ অন্যতম প্ৰভাৱশালী ক্ৰিকেট প্ৰতিযোগিতা হৈছে আই পি এল। আই পি এল বুলি ক'লেই বিশ্বৰ ভিন্ন প্ৰান্তৰ ক্ৰিকেট অনুৰাগীৰ লগতে ভাৰতৰ অনুৰাগীসকলো আক্ৰান্ত হয় ক্ৰিকেট জ্বৰত।

ক্ৰিকেট বলিয়া ভাৰতৰ অনুৰাগী। সেয়ে এতিয়াৰ পৰাই যেন আৰম্ভ হৈছে জল্পনা-কল্পনাৰ। প্ৰতিগৰাকী অনুৰাগীৰ আছে পচণ্ডৰ টীম। মুঠৰ ওপৰত আই পি এলে আৰম্ভণিৰ সংস্কৰণৰ পৰা আজিলৈকে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছে।

পিচে ২০২৪ বৰ্ষৰ আই পি এল সংস্কৰণৰ বাবে নিৰ্ধাৰণ কৰিছে আৰম্ভণিৰ দিন। প্ৰতিযোগিতাখনৰ অধ্যক্ষ অৰুণ ধুমালে সদৰী কৰিছে আই পি এল আৰম্ভণিৰ দিন। ২২ মাৰ্চৰ পৰা আই পি এল আৰম্ভ হোৱাৰ কথা ব্যক্ত কৰে অধ্যক্ষ ধুমালে।

দেশত আগন্তুক লোকসভা নিৰ্বাচন যদিও ভাৰততে অনুষ্ঠিত হ'ব সকলো মেচ। ১৫ দিনৰ সূচী শীঘ্ৰেই প্ৰকাশ কৰা হ'ব। অৱশ্যে মেচৰ সম্পূৰ্ণ সূচী প্ৰকাশত কিছু পলম হ'ব বুলি অধ্যক্ষ ধুমালে ব্যক্ত কৰে। দুই-এদিনতে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিব। সেয়ে ইয়াৰ পাছতে আই পি এলৰ মেচসমূহৰ দিন ঘোষণা কৰিব বুলি সদৰী কৰে।