ক্রীড়া-জগত

বৰ্ষাপাৰাত নাহে বৰষুণ,গৰমেহে দহিব দৰ্শকক !

Asomiya Pratidin

ডিজিটেল ডেস্ক : অসম তথা গুৱাহাটীৰ ক্ৰিকেট অনুৰাগীৰ বাবে সুখবৰ। বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰে হ’ব লগা ৰাজস্থান আৰু পাঞ্জাৱ কিংছৰ মেচৰ পূৰ্বে বতৰৰ আগজাননী জাৰি কৰিছে।

বুধবাৰে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ঘৰুৱা দল ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ খেল। মেচৰ পূৰ্বেই বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননীত উল্লেখ কৰিছে যে মেচৰ সময়ছোৱাত ৰাজ্যত বৰষুণ অহাৰ সম্ভাৱনা নাই। ইয়াৰ বিপৰীতে ষ্টেডিয়ামত গৰমেহে দহিব দৰ্শকক।

এই কেইদিন গুৱাহাটীত যিধৰণে গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে তাৰ তুলনাত ১৫ মে'ত গুৱাহাটী মহানগৰীত তাপমান আৰু অধিক বৃদ্ধি পাব পাৰে। ফলত মেচ উপভোগ কৰাত দৰ্শকসকল কিছু সমস্যাত পৰিব।

অৱশ্যে মেচৰ সময় যিহেতু সন্ধিয়া, সেয়ে বৰ বিশেষ সমস্যাই দেখা নিদিয়ে বুলিও উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা বতৰৰ আগজাননী অনুসৰি অহা ২৪ ঘন্টাৰ ভিতৰত অসমকে ধৰি গুৱাহাটী মহানগৰীত নহয় বৰষুণ। ইয়াৰ বিপৰীতে গুৱাহাটীত তাপমান ৩৫ ৰ পৰা ৩৬ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনাহে আছে।