ক্রীড়া-জগত

আজি কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখত ছানৰাইজাৰ্ছ হায়দৰাবাদ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আই পি এলৰ এখন গুৰুত্বপূৰ্ণ মেচত আজি কলকাতা কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ। ইতিমধ্যে শেহতীয়া মেচত উন্নত প্ৰদৰ্শনেৰে পইণ্ট তালিকাত চতুৰ্থ স্থানত আছে নাইট ৰাইডাৰ্ছ।

চলিত বৰ্ষৰ আই পি এলত বৰ্তমানলৈকে ৩ খন মেচ খেলি নাইট ৰাইডাৰ্ছে ২খন মেচত জয়ী হোৱাৰ লগতে এখনত পৰাজিত হৈ ৪ পইণ্ট সংগ্ৰহ কৰিছে। আনহাতে ছানৰাইজাৰ্ছ হায়দৰাবাদে বৰ্তমানলৈকে খেলা ৩ খন মেচৰ এখনত জয়ী হোৱাৰ বিপৰীতে ২খনত পৰাজিত হৈ ২ পইণ্ট সংগ্ৰহ কৰি তালিকাত নৱমস্থানত আছে।

কলকাতা নাইট ৰাইডাৰ্ছৰ দলত আছে নিতীশ ৰাণা,ৰিংকু সিং,ৰাচেল আদিৰ দৰে তাৰকা। অন্যহাতে ছানৰাইজাৰ্ছৰ শিবিৰত আছে মায়ঙ্ক আগৰৱাল, ৰাহুল ত্ৰিপাঠী, মাৰ্কৰাম আদিৰ দৰে তাৰকা। খেলৰ সময়ঃ সন্ধিয়া ৭-৩০ বজাত।