ক্রীড়া-জগত

অপ্ৰতিৰোধ্য ৰাজস্থান ৰয়েলছৰ সন্মুখত ছানৰাইজাৰ্ছ হায়দৰাবাদ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : আজি ৰাজস্থান ৰয়েলছৰ সন্মুখত ছানৰাইজাৰ্ছ হায়দৰাবাদ। গৃহচহৰৰ পৰা উৰা মাৰি হায়দৰাবাদত উপস্থিত হৈছে সঞ্জু ছেমছন নেতৃত্বাধীন দলটো। বৃহস্পতিবাৰে সন্ধিয়া ৭-৩০ বজাৰ পৰা আৰম্ভ হ'ব হাইভ'ল্টেজ মেচখন।

চলিত আই পি এলৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে ৰাজস্থান ৰয়েলছ। আনহাতে বিগত কেইখনমান মেচত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰা ছানৰাইজাৰ্ছ হায়দৰাবাদ তালিকাৰ পঞ্চম স্থানত।

এতিয়ালৈ খেলা ৯খন মেচৰ ৮খনতে জয়ী হৈ খিতাপ দখলৰ অন্যতম দাবীদাৰ ৰাজস্থানে ভালেকেইখন মেচত শক্তিৰ উমান দিছে। অৱশ্যে ৰান পাহাৰ গঢ়ি ৰেক’ৰ্ড কৰা হায়দৰাবাদে শেহতীয়া মেচত বিপৰ্যয়ৰ সন্মুখীন হৈছে।

বৃহস্পতিবাৰে হায়দৰাবাদৰ মাটিত অনুষ্ঠিত হ’ব লগা মেচখনকলৈ ক্ৰিকেট অনুৰাগীৰসকলৰ মনত উৎকণ্ঠাই দেখা দিয়া পৰিলক্ষিত হৈছে। কাৰ্যতঃ আজিৰ এই মেচখন হাইভ’ল্টেজ বুলি উল্লেখ কৰিব লাগিব। কিয়নো অপ্ৰতিৰোধ্য ৰাজস্থানক পৰাভূত কৰিবলৈ পেট কামিন্স নেতৃত্বাধীন হায়দৰাবাদে ৰচনা কৰিছে বিশেষ ৰণনীতি।

দুৰ্দান্ত ফৰ্মত থকা জছ বাটলাৰ, জয়ছোৱাল, সঞ্জু ছেমছন আৰু ৰিয়ান পৰাগ হায়দৰাবাদৰ বাবে মূৰৰ কামোৰণিসদৃশ। এইকেইগৰাকী বেটাৰক সোনকালে পেভিলিয়নলৈ পঠাব পাৰিলেই হায়দৰাবাদৰ জয়ৰ পথ মসৃণ হৈ পৰিব।

ইফালে প্ৰতিপক্ষ ৰাজস্থানেও সহজভাৱে লোৱা নাই ঘৰুৱা দল হায়দৰাবাদক। অভিষেক শৰ্মা, মাৰ্কাৰাম, ট্ৰেভিছ হেডক সহজভাৱে নলয় ৰাজস্থানৰ বলাৰে। কিয়নো এই আটাইকেগৰাকীয়ে মেচৰ ৰেহ-ৰূপ সলনি কৰি দিব পৰা ক্ষমতা আছে।

টছ হ’ব গুৰুত্বপূৰ্ণ। কাৰণ যি দলে টছত জয়লাভ কৰিব, সেই দলৰ বাবে প্ৰথমে বেটিং কৰি বিশাল স্ক’ৰ থিয় কৰোৱাই মংগলজনক। কিয়নো হাদয়ৰাবাদৰ ৰাজীৱ গান্ধী আন্তৰ্জাতিক ষ্টেডিয়ামৰ পিটছ বেটিং বান্ধৱ। নিশাৰভাগলৈ নিয়ৰৰ বাবে পিছট মন্থৰ হৈ পৰাৰ সম্ভাৱনা আছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে দুয়ো দল এতিয়ালৈকে ১৮খন মেচত মুখামুখি হৈছে। ইয়াৰে ৯খন মেচত উভয়ে জয়লাভ কৰাৰ বিপৰীতে সমসংখ্যক মেচত পৰাস্ত হৈছে।

অৱশ্যে এইবাৰৰ কথা সুকীয়া। পূৰ্বৰ পৰিৱেশ এতিয়া ৰাজস্থানৰ শিবিৰত নাই। বেটিং,বলিং-ফিল্ডিং সকলো সামৰি ৰাজস্থান এটা সম্পূৰ্ণ পেকেজ। গতিকে হায়দৰাবাদে ৰাজস্থানক সহজভাৱে নলোৱাই ভাল।