আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিমখন মেচৰ পূৰ্বে সুনীল চেত্ৰীলৈ শুভেচ্ছা লুকা মদ্ৰিচৰ 
ক্রীড়া-জগত

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিমখন মেচৰ পূৰ্বে সুনীল চেত্ৰীলৈ শুভেচ্ছা লুকা মদ্ৰিচৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মাজত মাত্ৰ কেইটামান ঘণ্টা। আৰু কিছু সময়ৰ পাছতে ভাৰতীয় দলৰ হৈ কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় ফুটবল মেচ খেলিব ভাৰতীয় অধিনায়ক সুনীল চেত্ৰীয়ে। ইয়াৰ লগে লগে অৱসান ঘটিব ভাৰতীয় ক্ৰিকেটৰ এটা যুগৰ।

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিমখন মেচৰ পূৰ্বে ভাৰতীয় তাৰকাগৰাকীলৈ এক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিলে ক্ৰোৱেছিয়াৰ ফুটবলাৰ লুকা মদ্ৰিচে। ২০১৮ ৰ বিশ্বকাপত ফ্ৰাঞ্চৰ হৈ খেলিছিল তেওঁ। ক্লাব ফুটবলত ৰিয়েল মাদ্ৰিদৰ হৈ বহু ট্ৰফীও জয় কৰিছে এইগৰাকী ফুটবলাৰে। তেওঁ সুনীল চেত্ৰীক আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিমখন মেচৰ পূৰ্বে জনালে শুভেচ্ছা।

ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমাকে সামাজিক মাধ্যমত এটা ভিডিঅ’ পোষ্ট কৰিছে। এই ভিডিঅ’তে লুকা মদ্ৰিচে সুনীললৈ বাৰ্তা প্ৰেৰণ কৰিছে। ইগৰ ষ্টিমাকো ক্ৰোৱেছিয়াৰ জাতীয় দলৰ খেলুৱৈ আছিল। এসময়ত এই দলটোকে প্ৰশিক্ষণ দিছিল তেওঁ। সেয়ে লুকা মদ্ৰিচৰ সৈতে তেওঁৰ সম্পৰ্কও ঘনিষ্ঠ।

ভিডিঅ’ত লুকা মদ্ৰিচে সুনীল চেত্ৰীক উদ্দেশ্যি কৈছে, সুনীল জাতীয় দলৰ হৈ তোমাৰ অন্তিমখন মেচৰ বাবে শুভেচ্ছা। তোমাৰ কেৰিয়াৰ দুৰ্দান্ত। তুমি ফুটবলৰ এজন কিংবন্তি। তোমাৰ সতীৰ্থসকলক কিছু কথা ক’ব বিচাৰিছোঁ। আশা কৰিছোঁ তোমালোকে সুনীলৰ বিদায়ী মেচখন স্মৰণীয় কৰি ৰাখিবলৈ যত্ন কৰিবা। তাৰ বাবে জয়ী হ’ব লাগিব। অধিনায়কৰ বাবে এই মেচ জয়ী কৰা। ক্ৰোৱেছিয়াৰ পৰা তোমাক অনেক শুভেচ্ছা।  

ইফালে লুকা মদ্ৰিচৰ এই শুভেচ্ছা বাৰ্তাৰ বাবে প্ৰশিক্ষক ইগৰ ষ্টিমাকে তেওঁক ধন্যবাদ জনাইছে।

উল্লেখ্য যে, পূৰ্বেই সুনীল চেত্ৰীয়ে উল্লেখ কৰিছে যে, কলকাতাত অনুষ্ঠিত হ’বলগীয়া কুৱেইটৰ বিৰুদ্ধে বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী মেচখনেই হ’ব তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিমখন মেচ। এই মেচখনৰ বাবে সকলো প্ৰস্তুতি চলাইছে তেওঁ। নিয়মিত দলৰ আন খেলুৱৈসকলৰ সৈতে অনুশীলন অব্যাহত ৰাখিছে। তেওঁ কেৰিয়াৰৰ এই অন্তিমখন মেচ জয় কৰিবলৈ বিচাৰিছে।